এটা ব্যতিক্ৰমী হুঁচৰি দলে মুহিছে ৰাইজক; বিধায়ক তৰঙ্গ গগৈৰ গৃহত অন্ধ হুঁচৰি দল
নিয়মীয়া বাৰ্তা, ৩ মে’: অসমীয়া জাতিৰ আয়ুস ৰেখা হল বহাগ আৰু এই বহাগত সকলোৱে প্ৰাণ ঢালি বিহু মাৰে। ঢুলীয়াৰ ঢোলৰ গুমগুমণি নাচনীৰ নাচোনৰ পাগত প্ৰকৃতিও হৈ উঠে নৱ যৌৱনা। কোৱা হয় অসমীয়া ৰ বিহু দেখিলে বুঢ়া থেৰাও ৰব নোৱাৰে এপাক কঁকাল নভঙাকৈ । কিন্তু অতি সম্প্ৰতি ইয়াৰ মাজতে এটা ব্যতিক্ৰমী হুঁচৰি দলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দলটো এই কাৰণেই ব্যতিক্ৰম কাৰণ দলটোত থকা প্ৰতি গৰাকী বিহুৱা নাচনীয়েই দৃষ্টিহীন। লক্ষণীয় যে দৃষ্টিহীন হলেও বহাগত গৃহস্থৰ ঘৰে ঘৰে গৈ বিহু মাৰি অসমীয়া বাপুতি সাহোন বহাগৰ বিহুটিক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে দলটোৱে। ডিঙিত ঢোল, হাতত খূতি তাল, ট’কা আৰু বাঁহী লৈ বিহু মৰাত ব্যস্ত এই হুঁচৰি দলটোৰ লগতে বিহু নাম আৰু ঢোল পেঁপাৰ চেৱেত নাচনীয়ে ককাল ঘূৰাই নচা দলটোৰ প্ৰতি গৰাকী সদস্যই দৃষ্টিহীন যদিও মনত থকা প্ৰচুৰ হেঁপাহ আৰু আত্মবিশ্বাসৰ লগতে বিহুৰ প্ৰতি থকা ভালপোৱাক লৈ প্ৰমাণ কৰি দেখুৱালে এই দৃষ্টিহীন বিহু হুঁচৰি দলটোৱে । উজনি অসমৰ বিভিন্ন জিলাৰ পৰা আহি একত্ৰিত হৈ এইদৰে হুঁচৰি মৰাত ব্যস্ত হৈছে এই সকল দৃষ্টিহীন বিহুৱা নাচনীৰ দলটোৱে বাছেৰে নতুবা ট্ৰেইনৰ জৰিয়তে উজনি অসমৰ বহু লোকৰ ঘৰত বিহু প্ৰদৰ্শন কৰা পিছতেই মংগলবাৰে উপস্থিত হয়হি নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ বাসগৃহত । দলটোৱে বিধায়ক গৰাকীৰ চোতালত বিহু প্ৰদৰ্শন কৰি আশীৰ্বাদ জনালে বিধায়ক গৰাকীৰ পৰিয়ালটোক । নিজকে দৃষ্টিহীন বুলি জ্ঞান নকৰি অন্য বিহুৰ দলৰ দৰে যি দৰে বিহু প্ৰদৰ্শন কৰিছে তাকে দেখি দলটোক প্ৰশংসাৰে পঞ্চমুখ কৰে বিধায়ক গৰাকীয়েও । উল্লেখযোগ্য যে দৃষ্টিহীন এই হুচৰি দলটোৱে প্ৰচুৰ আত্মবিশ্বাসৰে মানুহৰ ঘৰে ঘৰে গৈ বিহু মাৰি অসমীয়া পৰম্পৰা বিহুটিক অবিকৃত ৰূপত জীয়াই ৰাখিবলৈ যি প্ৰচেষ্টা হাতত লৈছে সেইয়া সঁচাকৈয়ে আদৰণীয় আৰু শলাগ লবলগীয়া।