নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ জিলা বড়ো সাহিত্য সভা আৰু বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বকোত বড়ো মাধ্যম প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৮ মে’ – অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ অন্যতম বড়ো জনগোষ্ঠীৰ ভাষা বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱস আজি কামৰূপ জিলাৰ বকোত আনুষ্ঠানিক ভাৱে উদযাপন কৰা হয়। কামৰূপ জিলা বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত জিলা বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ত এক মনোজ্ঞ পৰিবেশত উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস। বড়ো মাধ্যম প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি বড়ো সাহিত্য সভা আৰু বড়ো ছাত্ৰ সন্থাৰ পতাকা উত্তোলন ; স্মৃতি তৰ্পণ আৰু বড়ো ভাষাৰ মাধ্যমৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পূস্পাঞ্জলী অৰ্পণ কৰাৰ পিছত মুকলি সভা অনুষ্ঠিত হয়। বড়ো ভাষাৰ লগতে বড়ো মাধ্যমৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰিবলৈ আয়োজন কৰা মুকলি সভাত পৌৰহিত্য কৰে কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়োই। জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল চন্দ্ৰ বড়োই আত ধৰা সভাত অংশগ্ৰহন কৰে জিলা সাহিত্য সভাৰ কেৱা গৰাকী বিষয় ববীয়া ; বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি চানচৌৰাং বসুমতাৰী ; সাধাৰণ সম্পাদক জিতেন বড়ো ; কোষাধ্যক্ষ নাৰায়ণ বড়ো আৰু বিষয় ববীয়া বাপন বড়োকে ধৰি ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল ; বড়ো জাতীয় পৰিষদৰ জিলা সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী ; সম্পাদক নিৰণ খাখলাৰী ; জিলা বাথৌ মহাসভাৰ সভাপতি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিষ্ণু বসুমতাৰী ; সম্পাদক শংকৰ বড়ো ; বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ দশৰথ বড়ো ; সংযুক্ত বড়ো গণ মঞ্চৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি বিপুল বড়ো ; ৰাণী আঞ্চলিক সমিতিৰ সভাপতি পঞ্চাৰাম কছাৰীৰ উপৰিও জনগোষ্ঠীটোৰ জাতীয় সংগঠনৰ বহু সংখ্যক নেতৃবৃন্দ। মুকলি সভাত ৰাজ্য চৰকাৰে যষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানক ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰিব বিচৰা কাৰ্য্যক বিৰোধিতা কৰে আৰু মাতৃ ভাষাত শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায়।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like