লকডাউনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অনলাইন কর্মশালা
নিয়মীয়া বার্তা, ৩১ মে’: ক’ভিড–১৯ৰ বাবে দেশৰ লগতে প্রায় সমগ্র পৃথিৱী স্থবিৰতালৈ গুচি গৈছে৷তাৰ লগতে স্থবিৰ হৈ পৰিছে শিক্ষাখণ্ডও৷ ইয়াৰ মাজতে যোৱা ১৫ মে’ৰ পৰা ২৭ মে’লৈ কোকৰাঝাৰৰ দেৱৰগাঁৱত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ বিভাগীয় মুৰব্বী ড০ মনোজ কুমাৰ ডেকাৰ তত্ত্বাৱধানত এখন ‘ইমাৰজিং ড্রেণ্ডছ এণ্ড ফিউচাৰ কম্পিউটিং টেকন’ল’জী’ শীর্ষক অনলাইন এঘাৰদিনীয়া কর্মশালা অনুষ্ঠিত হৈ যায়৷ গোটেই ভাৰতবর্ষৰে প্রায় ৯৩০জন শিক্ষক, অধ্যাপক, বিজ্ঞানী, গৱেষকে আবেদন কৰিছিল উক্ত কর্মশালাত যোগদান কৰাৰ বাবে৷চিচ’ক’ ৱেবএক্স টুল ব্যৱহাৰ কৰি আগবঢ়াই নিয়া কর্মশালাখনৰ বাবে প্রায় ২০০জন আবেদনকাৰীক মনোনীত কৰা হৈছিল৷
আই আই টি, পাটনা আই আই টি, খড়গপুৰ এন আই টি, পাটনা আই এছ আই, কলকাতা ছিকিম বিশ্ববিদ্যালয়, ছিকিম ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, চি আই টি, কোকৰাঝাৰ ইত্যাদি শিক্ষা প্রতিষ্ঠানৰ প্রায় এঘাৰজন গৱেষক, অধ্যাপকে পাঠদান কৰা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য অধ্যাপক লাইচৰাম লাডু সিঙৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ প্রহ্লাদ বসুমতাৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনফৰমেচন টেকন’ল’জী বিভাগৰ অধ্যাপক ড০ শিখৰ কুমাৰ শর্মাই৷
উক্ত কর্মশালা সম্পর্কত কর্মশালাৰ তত্ত্বাৱধায়ক ড০ মনোজ কুমাৰে ডেকাই কয়, ‘ক’ভিড–১৯ৰ বাবে দেশৰ লগতে প্রায় সমগ্র পৃথিৱী লকডাউনলৈ যোৱাৰ সময়ত শিক্ষাখণ্ডলৈ অহা স্থবিৰতাক ৰোধ কৰি বিদ্যায়তনিক দিশটো দৃঢ়তাৰে সাৱলীলভাৱে চলাই নিয়াৰ চিন্তা আৰু ঐকান্তিক প্রচেষ্টাৰ ফলশ্রুতিতে এই কর্মশালাখনৰ জন্ম৷’ পৰীক্ষামূলকভাৱে চলোৱা এই কর্মশালাই ক’ভিড–১৯ৰ সময়ছোৱাত স্থবিৰ হৈ পৰা শিক্ষাখণ্ডক নতুন দিশ দেখুৱাবলৈ সক্ষম হৈছে বুলি ড০ ডেকাই জানিবলৈ দিছে৷ অনলাইন কর্মশালাখনৰ সফল সমাপ্তিৰ পিছতে ক’ভিড–১৯ৰ সময়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ে সফলভাৱে আৰম্ভ কৰিছে অনলাইন পি এইচ ডি ভাইভা৷ স্মর্তব্য যে আগশাৰীৰ দেশবোৰে বিভিন্ন প্রযুক্তিৰ ব্যৱহাৰেৰে নিয়মীয়া শিক্ষাদানেৰে শিক্ষাখণ্ডৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি আছে৷ আমাৰ দেশৰো তুলনামূলকভাৱে আগবঢ়া ঠাই নতুবা সা–সুবিধাৰে উন্নত শিক্ষানুষ্ঠানসমূহে এই চেষ্টা চলাই থকাৰ মাজতে অসমৰ কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ে সীমিত সা–সুবিধাৰে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ সহজে উপলবদ্ধ ফ্রী ছফ্টৱেৰ ব্যৱহাৰ কৰি বিধিগতভাৱে এইখন বিশ্ববিদ্যালয়ৰ বিভাগবোৰে অকল নিজৰ নিয়মীয়া শিক্ষাদানে কৰি থকা নাই, আনকি ৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন কর্মশালাৰো আয়োজন কৰি আছে৷ এই বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সহযোগত বিভাগীয় মুৰব্বী ড০ মনোজ কুমাৰ ডেকাৰ তত্ত্বাৱধান আৰু শৈক্ষিক পঞ্জীয়ক অধ্যাপক প্রদীপ কুমাৰ পাত্রৰ সহযোগত অনলাইন শিক্ষাদান আৰু মত বিনিময়ৰ বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলি আছে৷
যোৱা ২৯ মে’, ২০২০ তাৰিখে উক্ত বিশ্ববিদ্যালয়ত অনলাইন পি এইচ ডি ভাইভা পৰীক্ষা হৈ যায়৷ উন্নত শিক্ষানুষ্ঠানসমূহ এই অনলাইন ভাইভা পৰীক্ষাৰ সৈতে পৰিচিত যদিও অসম বা দেশৰ চুকে–কোণে সিঁচৰতি হৈ থকা বিভিন্ন শিক্ষানুষ্ঠানৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সাহসী পদক্ষেপে সাহস কঢ়িয়াব বুলি আশা প্রকাশ কৰিছে উক্ত গৱেষকজনৰ তত্ত্বাৱধায়কৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বী ড০ মনোজ কুমাৰ ডেকাই৷ উল্লেখনীয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এম ফিল আৰু পি এইচ ডি গৱেষণাৰ সকলো বিদ্যায়তনিক কাম–কাজ কম্পিউটাৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সহযোগত অনলাইনযোগে নিয়মীয়াকৈ হৈ থাকিব বুলি ইতিমধ্যে বিশ্ববিদ্যালয় কর্তৃপক্ষই জাননী জাৰি কৰিছে৷