নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ বিভিন্ন স্থানত পৃথকে পৃথকে সংঘটিত চাৰিটা পথ দুৰ্ঘটনা

 নিহত এজন কিশোৰ, অৰুণাচলৰ আৰক্ষী সহ আহত ৫ জন লোক :

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদীৰ বিভিন্ন স্থানত আজিৰ দিনটোত সংঘটিত চাৰিটাকৈ পৃথক পৃথক পথ দুৰ্ঘটনাত এজন কিশোৰ ঘটনাস্থলীতে নিহত হোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ আৰক্ষী সহ পাঁচজনকৈ লোক আহত হৈছে ।দিনটোৰ প্ৰথমটো ঘটনা সংঘটিত হয় লামুগাঁও তিনিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত খাৰুপেটীয়াৰ পৰা পাছলি কঢ়িয়াই অনা AS 27C 7091 নম্বৰৰ বলেৰ পিক আপ খনে পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। যদিও এই দুৰ্ঘটনাত কোনো লোক আহত হোৱাৰ তথ্য নাই আৰক্ষীৰ লগত। দিনটোৰ দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হয় কুলাবালি স্থিত পেট্ৰল পাম্পৰ সন্মুখৰ ৰাজপথত। এই দুৰ্ঘটনাত আমাৰ অসম কাকতৰ কাকত কঢ়িওৱা AS 22 E 4712 নম্বৰৰ আইটুয়েন্টি গাড়ীখনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা AR 01N 4175 নম্বৰৰ এল্ট গাড়ীখনৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে।

এই দুৰ্ঘটনাত এল্ট গাড়ীখনৰ আৰোহী লখিমপুৰ মহঘূলিৰ আব্দুল হাকিম আৰু ইড্ডিছ আলি আহত হয় বুলি জানিব পৰা গৈছে। কদম কছাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত তৃতীয়টো দুৰ্ঘটনা আছিল অতি ভয়ংকৰ। এই দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা ডিব্ৰুগড় অভিমুখী অৰুণাচল আৰক্ষীৰ AR 01N 0171 নম্বৰৰ তীব্ৰবেগী স্কৰপিঅ গাড়ীখনে এজন চাইকেল আৰোহী কিশোৰক খুন্দিয়াই থৈ, পথৰ দাঁতিত থকা এখন জিৰণিঘৰত প্ৰচণ্ড খুণ্ডা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰী দমৰাখোৱা গাঁওৰ মফাজউদ্দিন আলিৰ পুত্ৰ নুৰ ইছলাম আলি (১৪)নামৰ চাইকেল আৰোহী কিশোৰজন থিতাতে নিহত হোৱাৰ লগতে স্কৰপিঅ খনত থকা ইটানগৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী মুন্না দাৰণ আৰু কাইফাম ডুবি গুৰুতৰ ভাৱে আহত হয়। আহত আৰু নিহতক বগীনদী আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰৰ লগতে চিকিৎসাৰ বাবে জিলালৈ প্ৰেৰণ কৰে।

দিনটোৰ চতুৰ্থ তথা অন্তিমটো ঘটনা সংঘটিত হয়, বগীনদী মডেল হস্পিতালৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। এই ঘটনাত বগীনদী টাকু গাঁৱৰ চেনী চুংক্ৰাঙৰ পুত্ৰ ৰাজেন চুংক্ৰাঙক এখন অচিনাক্ত ট্ৰেভেলাৰ গাড়ীয়ে খুন্দিয়াই থৈ পলায়ন কৰে। ফলত গাড়ীৰ খুন্দাত লোকজন আহত হয় যদিও গুৰুতৰ আঘাতৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে। আহত ব্যক্তিজনক বগীনদী আৰক্ষীয়ে বগীনদী মডেল হস্পিতালত চিকিৎসা কৰোৱাই ঘৰলৈ পঠিয়াই দিয়া বুলি জানিব পৰা গৈছে।

প্ৰেৰক; ভূবন গৌতম

You might also like