বগীনদীত বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত আৰক্ষীৰ লিখিত পৰীক্ষাৰ সহায়ক হোৱাকৈ পাঁচদিনীয়া বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভণি
নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰ : ভাৰতীয় জনতা যুৱ মৰ্চাৰ ঢকুৱাখনা জিলা সমিতি আৰু বগীনদী মণ্ডল সমিতিৰ উদ্যোগত বগীনদীস্থিত বিজেপিৰ কাৰ্যলয়ত আজিৰে পৰা আৰক্ষীৰ লিখিত পৰীক্ষাত সহায়ক হোৱাকৈ পাঁচদিনীয়া বিনামূলীয়া প্ৰশিক্ষণৰ আৰম্ভণি হৈছে। স্থানীয় বিধায়ক নৱ দলেৰ প্ৰচেষ্টাত তথা ৰাইজ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধন কৰে বগীনদী আৰক্ষী বিষয়া উত্তম অধিকাৰীয়ে। অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধনী কাৰ্যসূচী পৰিচালনা কৰে বগীনদী মণ্ডল বিজেপিৰ সভাপতি দিনমনি মহন্তয়ে।এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সোৱনশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰূপেশ্বৰ চেতিয়া আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি হেমন্ত গগৈয়ে বক্তব্য প্ৰদান কৰে। এই প্ৰশিক্ষণ শিবিৰত বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অনুজ কুমাৰ ভূঞা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হাইস্কুলৰ বিজ্ঞান শিক্ষক ভৱানী শৰ্মাই প্ৰশিক্ষাৰ্থী সকলক লিখিত পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে।