নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাষ্টমীঃ ভক্ত দৰ্শনাৰ্থীৰ সমাগমে উগুল থুগুল পৰিৱেশ দীৰ্ঘা মাজ গাঁওৰ পূজা মণ্ডপত

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : আজি মহাষ্টমী। পূজাৰ বেদীত প্ৰতিষ্ঠিত অষ্টমীৰ দেৱীক সন্তুষ্ট কৰি আশীৰ্বাদ লবলৈ পুৱাৰে ৰাজ্যৰ সকলো প্ৰান্তৰ পূজা মণ্ডপত ভক্ত দৰ্শনাৰ্থী সকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত পিছ পৰি থকা নাই লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ। বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদীৰ বিভিন্ন প্ৰান্তৰ ১৫ খনকৈ পূজা মণ্ডপত চলিছে দূৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা অৰ্চনা। শাৰদীয় ৰাণী দেৱী দূৰ্গাক সন্তষ্টি কৰিবলৈ হাতে হাতে মাহ প্ৰসাদ ধুপ ধুনাৰ শৰাই লৈ পূজা মণ্ডপত উপস্থিত হোৱা ভক্ত দৰ্শনাৰ্থী সকলে দূৰ্গাৰ প্ৰতিমাত সেৱা কৰি স্তুতি কৰি দেৱীক সন্তুষ্ট কৰি আশীৰ্বাদ লবলৈ সকলো ভক্তৰ মাজত হেতা ওপৰা লগা পৰিলক্ষিত হৈছে।

আজি পুৱাতেই তেনে এক দৃশ্যই পৰিলক্ষিত হয়, এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজিত হোৱা দীৰ্ঘা মাজ গাঁওৰ পূজা মণ্ডপত ।ৰাধা কৃষ্ণ মন্দিৰ চৌহদত আটকধুনীয়াকৈ মণ্ডপ সাজি পূজাৰ আয়োজন কৰা দীৰ্ঘা মাজ গাঁও দূৰ্গা পূজা উদযাপন সমিতিৰ সুপৰিচালনাত সম্পূৰ্ণ ক’ভিদ বিধি মানি পুৱাৰে পৰা মণ্ডপত ভক্ত দৰ্শনাৰ্থীৰ লানি নিছিগা সোঁত পৰিলক্ষিত হয়। ঢাক ঢোলৰ শব্দৰ সমান্তৰালকৈ পুৰোহিতৰ দূৰ্গা বন্দনাৰে মুখৰ হৈ পৰা পৰিৱেশত ব্যাপক হাৰত ভক্ত দৰ্শনাৰ্থীৰ সমাগমে এক উগুল থুগুল পৰিৱেশৰ সৃষ্টি হয় পূজা মণ্ডপত। ফটো আছে ।প্ৰেৰক ভূবন গৌতম ।

You might also like