বোকাজানত বনৰীয়া হাতীৰ তাণ্ডৱ, লণ্ডভণ্ড বাসগৃহ
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ বোকাজানত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলায় আহে ৫ জনীয়া এটা হাতীৰ দল ।
বোকাজানৰ ঘড়ীয়ালডুবি অঞ্চলত ৫ জনীয়া হাতীৰ দল টোৱে প্ৰায় ৫ টাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । গাঁও বাসীয়ে জানিবলৈ দিয়া অনুসৰি বহু দিন ধৰি হাতীৰ দলটোৱে তাণ্ডৱ সৃষ্টি কৰি আহিছিল কিন্তু যোৱা নিশা খাদ্যৰ সন্ধানত মানুহৰ ঘৰৰ চোতাল পালেহি হাতীৰ দলটো । গাঁও বাসীৰ ভাষ্য অনুসৰি সাংবাদিক গৈ পোৱাৰ সময়ৰ লৈকে বন বিভাগৰ কোনো লোকে সেই স্থানত উপস্থিত হোৱা নাই ।
আনহাতে বিভিন্ন সময়ত ৰাইজে এই বিষয়ে বন বিভাগক অভিযোগ দি আহিছে যদিও সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে বন বিভাগে ।বন্য হস্তীৰ বাসস্থান ঘন অৰণ্যৰ অধিকাংশ দুস্কৃতিকাৰীসকলে কাটি তহিলং কৰাৰ বাবেই এনেদৰে বন্য হস্তী ওলাই আহিছে জনাঞ্চললৈ।এই ক্ষেত্ৰত এই অৰণ্য সমূহত চৰকাৰ তথা বন বিভাগৰ পৰা কল গছ,কঁঠাল গছ আদি হাতীৰ খাদ্য উপযোগী গছ ৰোপণৰ আঁচনি গ্ৰহণ কৰিলে এইক্ষেত্ৰত কিছু সুফল পোৱা যাব বুলি মত ব্যক্ত কৰে স্থানীয় সচেতন ৰাইজে।