ফাঁচী বজাৰৰ পৰা বিমানবন্দৰলৈ চলিব জল মেট্র’
খানাপাৰাৰ পৰা আজাৰালৈ কেবল কাৰ–এৰিয়েল ট্রাম বাছ চলোৱাৰ পৰিকল্পনা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ বিমান যাত্রীসকলে সন্মুখীন হৈ অহা যান–জঁটৰ সমস্যাৰ পৰা পৰিত্রাণ দিবলৈ ফাঁচী বজাৰৰ পৰা লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ এখন জল মেট্র’ চলোৱাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷ বাজেট উত্থাপন কৰি এই কথা ঘোষণা কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ ইয়াৰ জৰিয়তে বিমানবন্দৰৰ যাত্রীসকলে ফাঁচীবজাৰৰ আই ডব্লিউ টি জেটিত চেক ইন কৰি নতুন টার্মিনেলত উপস্থিত হ’ব পাৰিব৷ তদুপৰি বিত্তমন্ত্রীগৰাকীয়ে ইয়াকো ঘোষণা কৰে যে অধিক যাত্রী কঢ়িয়াই নিব পৰাকৈ এৰিয়েল ট্রাম বাছ বা কেবল কাৰ নামৰ গধুৰ কেলিবাৰেৰে ডিজাইন কৰা ৰোপ ৱে’ৰ যাত্রীসকলক বিমানবন্দৰৰ পৰা খানাপাৰালৈ আৰু খানাপাৰাৰ পৰা বিমানবন্দৰলৈ অনা–নিয়া কৰাৰ ক্ষেত্রতো এক পৰিকল্পনা প্রস্তুত কৰা হৈছে৷
১ অক্টোবৰৰ পৰা আশাকর্মী অংগনৱাড়ী কর্মীৰ পাৰিতোষিক বৃদ্ধি
ৰাজ্যৰ কর্মচাৰীলৈ আগবঢ়োৱা হ’ব ইউপিএছ সুবিধা
উপকৃত হ’ব ২.৮ লাখ কর্মচাৰী, ১ অক্টোবৰৰ পৰা আশাকর্মী–অংগনৱাড়ী কর্মীৰ বৃদ্ধি হ’ব পাৰিতোষিক
নিয়মীয়া বাৰ্তা ডিজিটেল :ৰাজ্যৰ কর্মচাৰীসকলৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে বাজেটত এলানি বিশেষ ঘোষণা কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ এই লক্ষ্যৰে ২০০৫ চনৰ ১ ফেব্রুৱাৰীৰ পূর্বে নিযুক্তি প্রক্রিয়া আৰম্ভ হোৱা নিয়মীয়া কর্মচাৰীসকলক পেন্সন পুঁজি নিয়ন্ত্রক আৰু উন্নয়ন কর্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেন্সন আঁচনিৰ (এনপিএছ) তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ ওভতাই দিয়াৰ চর্তত পুৰণি পেন্সন আঁচনিৰ (অ’পিএছ) সুবিধা প্রদানৰ কথা বিবেচনা কৰা হ’ব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে অনুকৰণ কৰিব কেন্দ্রীয় চৰকাৰৰ নীতি–নির্দেশনা৷ তদুপৰি নতুন পেন্সন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কর্মচাৰীলৈ একীকৃত পেন্সন আঁচনিৰ (ইউপিএছ) সুবিধা আগবঢ়োৱা হ’ব৷ ইয়াৰ দ্বাৰা ২.৮ লাখ কর্মচাৰী উপকৃত হ’ব৷ আজি বাজেটত ইয়াকো ঘোষণা কৰা হয় যে আয়ুস্মান অসম–মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ (চিজিএইচএছ) হাৰত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, বি বৰুৱা কর্কট প্রতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্রৱর্তন কৰিব৷ তদুপৰি ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ নিয়মীয়া কর্মচাৰী, নির্দিষ্ট বেতন লাভ কৰা মাষ্টাৰৰোল আৰু ৱর্ক–চার্জ কর্মচাৰীসকলক আৰু ৬০ বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কর্মচাৰীসকলকো চর্ত অনুসৰি এই আৰোগ্য যোজনাত সাঙুৰি লোৱা হ’ব৷ আনহাতে আজি বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰে যে আশা কর্মী, পি এম পোষণ ৰান্ধনী, অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷ সেই অনুসৰি চলিত বর্ষৰ ১ অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক তথা চৰকাৰী ভাট্টা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্রদান কৰা হ’ব৷ একেদৰে নির্দিষ্ট বেতন লাভ কৰা মাষ্টাৰৰোল আৰু ৱর্ক–চার্জড কর্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰভাৰা ভাট্টা (এইচআৰএ)ৰ ৫০ শতাংশ প্রদান কৰিব৷ আজি দাখিল কৰা বাজেট ঘোষণা অনুসৰি প্রধানমন্ত্রী সূর্য ঘৰ মুফট বিজুলী যোজনাৰ প্রতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কর্মচাৰীক প্রতি কিলোৱাটত ২,০০০ টকাকৈ, সর্বোচ্চ তিনি কিলোৱাটত ৬ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদান কৰা হ’ব৷ আপোন ঘৰ আঁচনিৰ অধীনত চলিত বিত্তীয় বর্ষত এই আঁচনিৰ সুবিধা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ নিয়মীয়া কর্মচাৰী আৰু ৬০ বছৰ বয়সলৈকে অধিসূচিত ঠিকাভিত্তিক কর্মচাৰীসকললৈও সম্প্রসাৰণ কৰা হৈছে৷ ইফালে, শূন্য ব্যয় দুর্ঘটনা আৰু মৃত্যু বীমাৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ কর্মচাৰীসকলকো সাঙুৰি লোৱাৰ কথা আজি বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷
১,০০০ যুৱ লেখকলৈ আগবঢ়োৱা হ’ব ২৫ হাজাৰ টকাৰ বিত্তীয় সমর্থন
চৰকাৰী কর্মচাৰীক গ্রন্থ ক্রয়ৰ বাবে প্রদান কৰা হ’ব এহেজাৰ টকাকৈ
নিয়মীয়া বাৰ্তা ডিজিটেলঃ ৰাজ্য চৰকাৰে চলিত বর্ষক কিতাপৰ বর্ষ হিচাপে ঘোষণা কৰিছে৷ বিধানসভাত ২০২৫–২৬ বর্ষৰ বাজেট দাখিল কৰি কিতাপ বর্ষৰ সন্দর্ভত বিত্তমন্ত্রী অজন্তা নেওগে ঘোষণা কৰে যে সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ৰ লেখাত বৰঙণি আগবঢ়োৱাসকলক গুৰুত্ব প্রদান কৰি ১,০০০ যুৱ লেখকলৈ ২৫ হাজাৰ টকাকৈ বিত্তীয় সমর্থন আগবঢ়োৱা হ’ব৷ সাহিত্য চর্চাৰ প্রসাৰ, গতিশীল গ্রন্থ সংস্কৃতি ধৰি ৰাখিব পৰাকৈ তথা গ্রন্থৰ সৈতে জনসাধাৰণক জড়িত কৰি লেখকক উৎসাহ যোগোৱাৰ লক্ষ্যৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ বিত্তমন্ত্রীগৰাকীয়ে বাজেটত ঘোষণা কৰা অনুসৰি অসম প্রকাশন পৰিষদৰ অনুমোদনক্রমে গ্রন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে ৫ লাখ টকাকৈ আৰু সম–জিলা সদৰৰ বাবে ২.৫ লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব৷ ইয়াৰ লগতে চৰকাৰী কর্মচাৰীক গ্রন্থ ক্রয়ৰ বাবে এহেজাৰ টকাকৈ অতিৰিক্ত এককালীন অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে৷
চাহ শ্রমিকক বিত্তীয় সাহায্য
নিয়মীয়া বাৰ্তা ডিজিটেলঃ পৰৱর্তী ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেটে সুখবৰ কঢ়িয়াই আনিছে চাহ শ্রমিকসকললৈ৷ বিত্তমন্ত্রী নেওগে কৰা বাজেট ঘোষণা অনুসৰি ৰাজ্যৰ ৬.৮ লাখ চাহ শ্রমিকে ৫,০০০ টকাকৈ এককালীন বিত্তীয় সাহায্য লাভ কৰিব৷ এই সন্দর্ভত তেওঁ বাজেট ভাষণত কয় যে অসমৰ চাহ জনজাতি সম্প্রদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনত বর্তমানে থকা ৬.৮ লাখ চাহ শ্রমিকৰ প্রতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ৷ ই কেজুৱেল শ্রমিক আৰু স্থায়ী শ্রমিক উভয়কে সামৰি ল’ব৷ মই ইয়াৰ বাবে ৩৪২ কোটি টকা আবণ্টন দিছোঁ৷ ইফালে বাজেটত আন এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে বিত্তমন্ত্রী নেওগে৷ তেওঁ প্রকাশ কৰা মতে ভাৰতৰ বিভিন্ন চহৰ বা বিদেশত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ মৃতদেহ সন্মানসহকাৰে ৰাজ্যখনলৈ অনাৰ বাবে এটা উৎসর্গিত ব্যৱস্থা গঢ়ি তোলা হ’ব৷ এনে জটিল সময়ত দুর্ভগীয়া পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে মৃতকৰ শৰীৰ পৰিবহণৰ সমুদায় ব্যয় বহন কৰিব চৰকাৰে৷ তদুপৰি সত্রৰ উদাসীন ভকতসকলক প্রতি মাহে ১,৫০০ টকাকৈ আগবঢ়োৱাৰো বাজেটত প্রস্তাৱ দিয়া হৈছে৷