বোকাজান প্ৰেছ ক্লাবৰ অধিবেশন সম্পন্নঃ নতুন সমিতি গঠন
নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ বোকাজান প্ৰেছ ক্লাবৰ ত্ৰি-বাৰ্ষিক অধিবেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ কাৰ্যালয় প্ৰাংগণত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়। দেওবাৰে পুৱা ৯ বজাত ক্লাবৰ সভাপতি প্ৰকাশ গগৈয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ বিপৰীতে বন্তি প্ৰজ্জ্বলন কৰে উপ-সভাপতি ৰণজিৎ বৰাই। ইয়াৰ পিছতে সমিতিখনৰ অন্তিম কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়। সভাপতি প্ৰকাশ গগৈৰ সভাপতিত্বত অনুষ্ঠিত উক্ত কাৰ্যনিৰ্বাহক সভাত বিগত সময়ছোৱাৰ কাম-কাজ সম্পৰ্কে আলোচনা হোৱাৰ পিছতে অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত ৰণজিৎ বৰাক সভাপতি, ৰুবুল দিহিঙ্গীয়া আৰু আনন্দ তেৰাংক উপ-সভাপতি, সৰোজ মহন্তক সম্পাদক, অৰ্জুন থাপাক সহকাৰী সম্পাদক, গণেশ পাছোৱানক কাৰ্যালয় সম্পাদক, প্ৰাণদ্বীপ চেতিয়াক সাহিত্য, সাংস্কৃতিক আৰু ক্ৰীড়া সম্পাদক হিচাপে লৈ পৰৱৰ্তী তিনি বছৰৰ বাবে বোকাজান প্ৰেছ ক্লাবৰ নতুন সমিতিখন গঠন কৰা হয়।
বিয়লি অনুষ্ঠিত হোৱা সাধাৰণ সভাত ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক শৈলেন্দ্ৰ গগৈ আৰু উপদেষ্টা প্ৰশান্ত মিশ্ৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বিশিষ্ট অতিথিৰ ভাষণত প্ৰতিষ্ঠাপক সম্পাদকগৰাকীয়ে সম্প্ৰতি সংবাদ মাধ্যম এক জটিল পৰিস্থিতিৰ মাজেৰে অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰি ইয়াৰ পৰিসৰো যথেষ্ট বৃদ্ধি পোৱা বুলি মন্তব্য কৰে।