কাইলৈৰ পৰা বকো গ্ৰন্থমেলা; চাৰিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে বকোত গ্ৰন্থমেলা
- দীক্ষীতাৰ উদ্যোগত আৰ্থিকভাৱে দুৰ্বল ৫০ গৰাকী ছাত্ৰ ছাত্ৰীক অসমীয়া অভিধান বিতৰন কৰিব
নিয়মীয়া বাৰ্তা;৩মে: কামৰূপ জিলাৰ বকোত অহা ৪,৫,৬,৭ মে’ত অনুষ্ঠিত হব বকো গ্ৰন্থমেলা।বকোৰ গান্ধী মৈদানত মে মাহৰ ৪ তাৰিখে বকো সাহিত্য সভা আৰু অন্তৰংগ সংগঠনৰ উদ্যোগত অনুষ্ঠিত হব লগীয়া ১৭ সংখ্যক বকো গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰিব দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ললিত ৰাভাই।৪ তাৰিখে পুৱা ১০৩০ বজাত অনুষ্ঠিত হব প্ৰতিযোগিতামূলক শোভাযাত্ৰা।এই প্ৰতিযোগিতামূলক শোভাযাত্ৰাৰ বিষয়বস্তু সমূহ ‘অ মোৰ আপোনাৰ দেশ’;’আমাৰ গাওঁ’;’শৰাইঘাটৰ ৰণ’;’অসমৰ লোকনৃত্য’;’স্বাধীনতা আন্দোলনত অসমীয়া বীৰাংগনা’;’অসমৰ বাৰেৰহনীয়া পৰম্পৰাগত সাজ-পাৰ আৰু ‘অসমৰ স্বাভিমান’ হব লাগিব।এই প্ৰতিযোগিতাত প্ৰথম;দ্বিতীয়;তৃতীয় স্থান লাভ কৰা তিনিটি দলক ৭০০০;৫০০০;৩০০০ টকা পুৰস্কাৰ প্ৰদান কৰা হব।এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰা প্ৰতিটো দলতে শিক্ষানুষ্ঠানৰ নিম্নতম ২০ জন আৰু মহিলা সমিতি;আত্মসহায়ক গোট;যুৱক সংঘৰ নিম্নতম ১০ জন হব লাগিব।লগতে চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন;জেতশ্ৰী সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হব।দিনৰ ১ বজাত বকো সাহিত্য সভাৰ দ্বাৰা কবি নয়ন ৰাভাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘ আন্ধাৰত জ্বলি থকা এথুপি তৰা’ কাব্যগ্ৰন্থ লগতে চিকিৎসক বংশীধৰ বড়োৰ কাব্যগ্ৰন্থ ‘জোনাকী মন’ আৰু ‘আৰোহন’ উন্মোচন কৰা হ’ব।দিনৰ ২ বজাত জ্যোতি সংগীত প্ৰতিযোগিতা আৰু সন্ধিয়া একক অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০০ টকা;দ্বিতীয় ২০০০ টকা;তৃতীয় পুৰস্কাৰ ১০০০ টকা প্ৰদান কৰা হব।৫ মে ৰ ৰাতিপুৱা চিত্ৰাংকণ প্ৰতিযোগিতা;কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হব।উল্লেখ্য যে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘সৌ আকাশত নীহাৰিকা’ কবিতাটো নিৰ্ধাৰণ কৰা হৈছে।দিনৰ ভাগত সদৌ অসম ভিত্তিত মুকলি তৰ্ক প্ৰতিযোগিতা ও অনুষ্ঠিত কৰা হব।মুকলি তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু হল ‘ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ছাত্ৰ ছাত্ৰীৰ সাৰ্বিক বিকাশত সহায় কৰিব’।এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ১০০০০ টকা;দ্বিতীয় ৭০০০ টকা;তৃতীয় পুৰস্কাৰ ৫০০০ টকা প্ৰদান কৰা হব।আবেলি ২ বজাত কবি আৰু কবিতাৰ অনুষ্ঠান;বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।ইয়াৰ লগতে সন্ধিয়া সাংস্কৃতিক সন্ধিয়া ও অনুষ্ঠিত হব।একেদৰে ৬ এপ্ৰিলৰ পুৱা ১০ বজাত অন্তৰংগ অনুষ্ঠান;বকো শিক্ষাখণ্ডৰ অন্তৰ্গত গুনোৎসৱত ‘এ’ গ্ৰেড প্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকক সম্বৰ্ধনা;’গুনোৎসৱ আৰু শিক্ষাৰ গুনগত মান নিৰূপন’ শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হব।এই অনুষ্ঠানতে কেইবাগৰাকীও কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হব।আবেলি বকোৰ দীক্ষিতাৰ উদ্যোগত আৰ্থিকভাৱে দুৰ্বল ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক অসমীয়া অভিধান প্ৰদান কৰা হব।৭ মেৰ ৰাতিপুৱা ১০ বজাত ‘আমিয়েই গঢ়ো দেশৰ ভৱিষ্যৎ’ শীৰ্ষক মহিলাৰ ব্যক্তিতা প্ৰতিযোগিতা আৰু বিয়লি ৩ বজাত পৰা মুকলি সভা অনুষ্ঠিত হব।মুকলি সভাত কবি সত্যপ্ৰিয়ম নাথৰ সম্পাদনাৰ গ্ৰন্থমেলাৰ স্মৰনিকা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্তই উন্মোচন কৰিব।
প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন