নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো সাহিত্য সভাই “নিজৰ দিন” পালনেৰে শিল্পী সাহিত্যিকক সন্মান প্ৰদান

 

নিয়মীয়া বাৰ্তা ; ১৬ এপ্ৰিল – প্ৰতি বছৰে পহিলা ব’হাগৰ দিনা অসম সাহিত্য সভাই ” নিজৰ দিন ” হিচাপে পালন কৰে। অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসাৰে এইবাৰো পহিলা বʼহাগত ” নিজৰ দিন ” হিচাপে পালন কৰিলে কামৰূপ জিলাৰ বকো সাহিত্য সভাই। উল্লেখ্য যে ; বকো সাহিত্য সভা (শতদল শাখা)ইয়ো বিগত বছৰবোৰৰ দৰে এইবেলিও পালন কৰে নিজৰ দিনৰ কাৰ্য্যসূচী। বকো সাহিত্য সভাৰ তৰফৰ পৰা অঞ্চলটোৰ পাঁচ গৰাকী বিশিষ্ট শিল্পী, সাহিত্যিক, সমাজ কৰ্মীক নিজৰ দিন পালনেৰে এখনি ফুলাম গামোচাৰ লগতে এখনি ওলগনি পত্ৰৰে বিহুৰ ওলগ জনায়। বকো সাহিত্য সভাই এই বেলি ভোগদাবাৰীৰ ৯৪ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী গজেন্দ্ৰ চন্দ্ৰ বড়ো ; কালিয়াবড়ী গাওঁৰ লোকশিল্পী চণ্ডীচৰণ দাস ; বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত শৰ্মা ; হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গণেশ্বৰ চহৰীয়া আৰু বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন চন্দ্ৰ কলিতাক ওলগ জনোৱা হয়। বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দন বড়োৰ তৎপৰতাত প্ৰতি গৰাকী শিল্পী সাহিত্যিকৰ ঘৰে ঘৰে গৈ ওলগনি অনুষ্ঠানটি সমাপন কৰে বকো সাহিত্য সভাৰ সভানেত্ৰী বিজয়া ডেকা ; সহকাৰী সম্পাদক‌দ্বয় বিষ্ণু ৰাম দাস আৰু মনোজ দাস ; আজীৱন সদস্য নাৰায়ণ তালুকদাৰ ; বকো সাহিত্য সভাৰ মুখ্য প্ৰভাৰী হিৰণ্য নাথ আৰু পত্ৰিকা সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত‌ই। বকো সাহিত্য সভাৰ উদ্যোগত এই কাৰ্য্যসূচী ৰূপায়ণ কৰাত সকলোৱোই সন্তোষ প্ৰকাশ কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like