নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁৱত ধৃত কেএলঅ’ সদস্যৰ পৰা বোমা উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২ মে’ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৩ সন্দেহজনক কে এল অ সদস্য আটক হয়। চিৰাং জিলাৰ বাসুগাওঁ চহৰৰ এক হোটেলৰ পৰা আটকাধীন কেএলঅ সদস্যকেইজনৰ তথ্যৰ ভিত্তিত আজি পুৱতিনিশা বাসুগাঁও চহৰৰ সমীপৰ কচুদোলাৰ চম্পা নৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে বোমা। নিশ্চিতভাবে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক ভয়ংকৰ কূটাঘাতমূলক ঘটনাৰ পৰা ৰক্ষা পৰিলে বাসুগাঁও অঞ্চল। আৰক্ষীয়ে আটক কৰা সদস্যকেইজন ক্ৰমে বাসুগাঁও চহৰৰ হেকইপাৰাৰ ৰবীন বৰ্মণ ওৰফে লংকেশ্বৰ কোচ ওৰফে লম্বু, কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ উৎপল ৰায় ওৰফে পঙ্কজ কোচ আৰু বঙাইগাঁও জিলাৰ তথা বাসুগাওঁ চহৰৰ নিকটৱৰ্তী নয়টামাৰা প্ৰথম খণ্ডৰ ধনঞ্জয় বৰ্মণ। উল্লেখ্য যে কালি নিশা এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত বাসুগাঁও চহৰৰ ষ্টেচন ৰোডৰ এখন হোটেলৰ পৰা বাসুগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এই তিনিজন কেএলঅ সদস্য আটক কৰিছিল। আটকাধীন কে এল অ সদস্য তিনিগৰাকীক লৈ আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই আজি পুৱতি নিশা চম্পাৱতী নৈ কচুতোলা ঘাটৰ পৰা বালিত পুতিথোৱা অৱস্থাত বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াই জোৰ তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।
প্ৰেৰক ভৃগুমণি ৰায়
You might also like