নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমল-ৰকিবুলক হৰুৱাবলৈ ধুবুৰীবাসীয়ে হাতীৰ ছবিত ভোট দিয়ক : মুখ্যমন্ত্ৰী

🎯আগমনিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা ২, মে’ : ধুবুৰী লোকসভাৰ গোলকগঞ্জ সমষ্টিৰ আগমনিত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈয়েই মঞ্চত উঠি গীতৰ মাজেৰে নাচি-বাগি সকলোকে সম্বোধন কৰে। ইয়াৰ পিছত মোদী সৰকাৰ আৰু অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে ধুবুৰীৰ সাংসদ হৈ আজমলে ১৫ বছৰত সমষ্টি উন্নয়নৰ নামত একো নিদিলে, যত ৰকিবুলে কি কৰিব বুলি প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰীয়ে সভাখনত কয় যে অসমৰ প্ৰতিটো অসমীয়াই ঘৰে ঘৰে অৰুণাদয় পাব। অৱশ্যে ৰেচন কাৰ্ড থকাবিলাকে অৰুণোদয় পাব বুলি কয়। আনকি ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হব। অৱশ্যে আধাৰ কাৰ্ডৰ সমস্যাৰ বাবে ৰেচন কাৰ্ড নোহোৱা ব্যক্তিক কয় যে ছয় মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰা হব। অহা জুলাই মাহৰ পৰা ৫০ হাজাৰ চাকৰি দিয়া হব। তদুপৰি চাকৰি নোপোৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম নামৰ আঁচনিৰ জৰিয়তে সৰু সৰু উদ্যোগ বা ব্যৱসায় কৰাৰ বাবে ২ লাখ টকাকৈ প্ৰদান কৰা হব। উচ্চ মাধ্যমিকত নামভৰ্তি বিনামূলীয়াকৈ দিয়াৰ লগতে সেই ছাত্ৰীসকলক ১০ হেজাৰকৈ টকা দিব বুলি কয়। মোদী চৰকাৰ পুনৰ আহিলে ভাৰতত নামাজ পঢ়া আৰু ঈদ পালন কৰিবলৈ নিদিব বুলি ৰকিবুল আৰু আজমলে কৰা মন্তব্যব উত্তৰত কয় বিগত দিন বা এতিয়াওতো মোদী চৰকাৰ আছে ৰকিবুল আৰু আজমলে নামাজ পঢ়ে নে, কত নামাজ পঢ়ে? সিহঁত এতিয়া  বাংলাদেশত নামাজ পৰে নেকি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। এই বছৰত কলেজত নামভৰ্তি কৰা ছোৱালীক ১০ হেজাৰ টকা দিয়া হব বুলি কয়। অহা জুলাই মাহৰ পৰা অসমত ৫০ হেজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হব। দালালবিহীনভীৱে চাকৰি দিয়া হব যদিও এটাও চাকৰি নথকা ঘৰৰ প্ৰাৰ্থীক দহ নম্বৰৰ অতিৰিক্তভাৱে দিয়া হব বুলি মন্ত্যব কৰে। সেহে আজমল আৰু ৰকিবুলক হৰুৱাবলৈ হাতীৰ ছবিত ধুবুৰীবাসীয়ে ভোট দিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সভাখনত আহ্বান জনায়। অৱশ্যে এইবাৰ ধুবুৰীবাসীয়ে উন্নয়নৰ ভিত্তিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামক ভোট দিব বুলি কয়। সেয়ে ধুবুৰী লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী জিকিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজৰ যুঁজৰ পৰাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম জয়ী হব বুলি মন্তব্য কৰে। প্ৰিয়ংকা গান্ধীয়ে অসমত মাফিয়াৰাজ চলা বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় প্ৰিয়ংকাই কংগ্ৰেছৰ শাসন দেখা নাই সেইবাবেই এইবোৰ কৈছে প্ৰিয়ংকাই। আজি ইয়াত বোমা নাই, গোলা বাৰুদ নাই। কত মাফিয়াগিৰি দেখিলে। কিন্তু ৰকিবুলৰ মাফিয়াই কৰা গঁড় হত্যাৰ কথা কবলৈ তেওঁ পাহৰি গল বুলি কয় মুখ্যমন্ত্ৰীয়ে। সভাখনত ধুবুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম উপস্থিত নাছিল যদিও মন্ত্ৰী ৰঞ্জিত দাস, বিধায়ক কৃষ্ণেন্দু পাল, অগপৰ উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায় সৰকাৰ উপস্থিত থাকে।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰায়
You might also like