বজালীৰ নিত্যানন্দত নাটকেৰে ৰূপকথাৰ দেশলৈ-লহৰ শীৰ্ষক গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ বজালীৰ নিত্যানন্দত আজি দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ প্ৰয়াত সাধনা তহবিলদাৰ, খগেন্দ্ৰ নাথ ৰয়, দ্বিজেন্দ্ৰ নাথ গোস্বামী আৰু ধীৰেন্দ্ৰ নাথ গোস্বামীৰ সোঁৱৰণত নিত্যানন্দস্থিত বিবেকানন্দ বিদ্যা নিকেতনত মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত সৰিহ চাকলা নিৱাসী হিৰণ্য ৰয়ৰ ৰচিত শিশু নাট্য সংকলন “নাটকেৰে ৰূপকথাৰ দেশলৈ” আৰু চুটিগল্প সংকলন “লহৰ” নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰণীধৰ ৰয় আৰু বিশিষ্ট সাহিত্যিক তথা বি এইচ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ৷ গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত উন্মোচক ধৰণীধৰ ৰয়ে কয় যে “সাধনাৰ জৰিয়তে সাহিত্যৰ সৃষ্টি হয় ৷ এই সমাজ বা দেশলৈ সুনাম কঢ়িয়াই আনে ৷ কবিতাৰ পৰাই সাহিত্যৰ আৰম্ভণি হয় ৷ সাধনাৰ প্ৰয়াস কৰিলে সাহিত্যৰ ভঁৰাল চহকী হ’ব৷ জোনাকী যুগত চুটিগল্প আৰম্ভ হৈ আৱাহন যুগত প্ৰসাৰ হৈছিল আৰু ৰামধেনু যুগত ইয়াৰ জনপ্ৰিয়তা লাভ কৰিছিল ৷” আন এগৰাকী উন্মোচক মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে নিজৰ ভাষণত কয় যে “নাটকৰ মাজেৰে সামাজিক শিক্ষা দিব পাৰি। নাটক অকল পঢ়াৰ সামগ্ৰীয়ে নহয়, ই এক মঞ্চায়ন কৰাও ৷ জ্ঞানক লিখিত ৰূপত গঠিত কৰাই গ্ৰন্থ। গ্ৰন্থ হেজাৰ হেজাৰ বছৰ জীয়াই থাকিব পাৰে। জ্ঞান অৰ্জনৰ বাবেই গ্ৰন্থ পঢ়িব লাগে ৷ চুটিগল্পত জীৱনৰ এটি ক্ষুদ্ৰ অংশহে থাকিব লাগে ৷ সম্পূৰ্ণ জীৱনৰ বিষয় থাকিব নোৱাৰে ৷” লিখক হিৰণ্য ৰয় আৰু শিক্ষক হৰেন মজুমদাৰে আঁত ধৰা এই সভাত বজালীৰ বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী গিৰিধৰ চৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি কয় “কবিতা , উপন্যাস, প্ৰবন্ধ আদিৰ গ্ৰন্থ প্ৰকাশ হৈয়ে থাকে৷ কিন্তু গল্পপুথি প্ৰকাশৰ সংখ্যা অতি কম মোবাইলৰ জৰিয়তে সকলো তথ্য পোৱা যায় যদিও ইয়াৰ স্থায়িত্ব নাথাকে ৷ গ্ৰন্থৰ জৰিয়তে লোৱা জ্ঞান স্হায়ী হয় ৷ গতিকে যন্ত্ৰৰ দ্বাৰা লাভ কৰা জ্ঞান স্থায়ী হ’ব নোৱাৰে। এখন গ্ৰন্থ ৰচনা কৰা মানে তেও্ৰঁৰ জীৱনৰ দলিল লিখা ৷” সভাত বাণী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণত কয় “সাহিত্য এটা জাতিৰ মেৰুদণ্ডস্বৰূপ৷ লিখকৰ ব্যক্তিত্বৰ সমাহাৰ তেওঁৰ লিখনিত প্ৰকাশ পায় ৷ সাহিত্যৰ কোনো সীমা নিৰ্দ্ধাৰণ নাই ৷ গ্ৰন্থৰ আদৰ সদায় থাকিব ৷ যন্ত্ৰই কেতিয়াও গ্ৰন্থৰ চাহিদা পুৰাব নোৱাৰে৷ ” সভাত প্ৰকাশক পৰাগ তহবিলদাৰ আৰু বৰষা ৰাণী ৰয়েও চমু ভাষণ দিয়ে ৷ সভাৰ আৰম্ভণিতে বৰষা ৰাণী ৰয়ে এটি বৰগীত পৰিৱেশন কৰে ৷
প্ৰেৰক উৎপল মেধি