নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা-বিজ্ঞান-বাণিজ্যত এশ শতাংশ উত্তীৰ্ণ : উৎফুল্লিত ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী

 

নিয়মীয়া বাৰ্তা, ২৭ জুন : আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বৰহোলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে এশ শতাংশ উত্তীৰ্ণ হৈছে। বিদ্যালয়ৰ এই ফলাফলে বৰ্তমান ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলক উৎফুল্লিত কৰি তুলিছে। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা কলা শাখাত ১৭৮ গৰাকী ছাত্র-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩৮ গৰাকী প্ৰথম বিভাগত, ১১৬ গৰাকী দ্বিতীয় বিভাগত আৰু ২৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। কলা শাখাত দুগৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়। বিজ্ঞানত অৱতীৰ্ণ হোৱা ২৪ গৰাকীৰ ২২ গৰাকী প্ৰথম আৰু দুগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত এগৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আনহাতে বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ১০ গৰাকীৰ আটাইকেইগৰাকীয়েই উত্তীৰ্ণ হয়। বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক ফলাফলে বৰ্তমান অঞ্চলটোলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

প্ৰেৰক : অজয় শইকীয়া, নগাবাট

You might also like