নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টার্ছ ছিজন–৫’ত জিলিকিল অসমৰ দুই শিশু প্রতিভা

নিয়মীয়া বাৰ্তা, ২৭ জুন: জী টিভিৰ জনপ্রিয় ‘ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টার্ছ ছিজন–৫’ত জিলিকিল অসমৰ দুই শিশু প্রতিভা৷ তীব্র প্রতিযোগিতাৰ অন্তত কালি নিশাৰ ভাগত ঘোষিত চূড়ান্ত অনুষ্ঠানত ৰিয়েলিটী শ্ব’টোৰ প্রতিযোগিতাত শীর্ষ স্থানত আৰোহণ কৰে গোলাঘাটৰ নৱজিৎ নার্জাৰীয়ে৷ সেইদৰে প্রথম ৰানাৰ–আপৰ খিতাপ দখল কৰিছে অসমৰেই আন এটি প্রতিভাৱান শিশু গোগামুখৰ আপ্পুন পেগুৱে৷ বলীউডৰ জনপ্রিয় অভিনেত্রী সোণালী  বেন্দ্রে আৰু মৌনি ৰয়ৰ উপৰি কৰি’গ্রাফাৰ ৰেম’ ডিছুজাক লৈ গঠিত জুৰীয়ে এই চূড়ান্ত ফলাফল ঘোষণা কৰে৷

উল্লেখ্য যে যোৱা ১২ মার্চত এই ৰিয়েলিটী শ্ব’টোৰ প্রিমিয়াৰ জী টিভিত আৰম্ভ কৰা হৈছিল৷ ‘ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টার্ছ–৫’ৰ চূড়ান্ত খিতাপ বিজয়ী গোলাঘাটৰ নৱজিৎ নার্জাৰীৰ বয়স মাত্র ৯ বছৰ৷ এই ৯ বছৰ বয়সতে নৱজিৎ নার্জাৰীয়ে ‘ফ্রীষ্টাইল–কনটেম্প’ৰাৰী–হিপহ’প’ নৃত্যৰে ৰিয়েলিটী শ্ব’টোৰ প্রতিটো খণ্ডতে দর্শক তথা জুৰীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ সমান্তৰালভাৱে ফার্ষ্ট ৰানাৰ–আপ আপ্পুন পেগুৱেও নিজৰ স্বকীয় নৃত্যশৈলীৰে দর্শক তথা বিচাৰকৰ মাজত জনপ্রিয় হৈ পৰে৷ ‘ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টার্ছ–৫’ৰ চূড়ান্ত খিতাপ দখলৰ সূত্রে ৯ বছৰীয়া নৱজিৎ নার্জাৰীয়ে জী টিভিৰ তৰফৰ পৰা নগদ ১০লাখ টকা আৰু দৃষ্টিনন্দন ট্র’ফী লাভ কৰিছে৷ একেদৰে ফার্ষ্ট ৰানাৰ–আপ হোৱাৰ সূত্রে আপ্পুন পেগুলৈ আগবঢ়োৱা হৈছে নগদ ৩লাখ টকাসহ ট্র’ফী৷ ইয়াৰ উপৰি দুয়োৱে বিভিন্ন বহুজাতিক কোম্পানীৰ লোভনীয় পুৰস্কাৰো লাভ কৰিছে৷ উল্লেখ্য যে প্রতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডত উপনীত হোৱাসকল আছিল নৱজিৎ নার্জাৰীৰ লগতে আদ্যাশ্রী, আপ্পুন, ৰিশিতা আৰু সাগৰ৷

You might also like