বৰহোলা মহাবিদ্যালয়ৰ মহিলা কোষৰ আন্তজাৰ্তিক নাৰী দিৱস পালন
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : সমগ্ৰ বিশ্বৰ লগতে বৰহোলা মহাবিদ্যালয়ৰ মহিলা কোষেও ৮ মাৰ্চ তাৰিখে বৰহোলাৰ সমীপবৰ্তী নাওপেটা গাঁৱত জাহ্নৱী আৰু নৱমিলন আত্মসহায়ক গোটৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে আন্তজাৰ্তিক নাৰী দিৱস পালন কৰে। মূল সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে মহিলা কোষে নাওপেটা গাঁৱৰ মহিলাসকলৰ মাজত প্ৰীতিমূলক খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু স্থানীয় শিশুসকলৰ দ্বাৰা গীত নৃত্য পৰিৱেশন কৰা হয়। মুকলি সভাৰ সভাপতিত্ব কৰে মহিলা কোষৰ উপসভাপতি চন্দ্ৰমা দেৱীয়ে আৰু সভাখনৰ শুভ উদ্বোধন কৰে বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা ময়ুৰী বৰাই। সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি মূল বিষয় “DigitAll : Innovation and Technology for gender equality” ৰ ওপৰত আলোকপাত কৰে বৰহোলা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক বৰ্ণালী কোঁৱৰে। অনুস্থানটোৰ আঁত ধৰে মহিলা কোষৰ সম্পাদিকা মুনমনি শইকীয়াই। খেলধেমালি সমূহ পৰিচালনা কৰাত সহায় কৰে মহিলা কোষৰ অন্যতম সদস্যা নয়নমণি শইকীয়াই। স্থানীয় বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক চিদানন্দ দাস আৰু মনিষা দাসে সভাত বক্তব্য ৰাখে। শেষত বৰহোলা মহাবিদ্যালয়ৰ ছাত্ৰী দিপ্তী দাসে আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানটোৰ সামৰণি পৰে।
প্ৰেৰক : অজয় শইকীয়া, বৰহোলা