নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ন্তৰ মাতৃ লীলা বৰাৰ অনশন ভংগ: পুনৰ ৰিজাৰ্ভ ক্ল’জ আৰক্ষী বিষয়া মিণ্টু সন্দিকৈ, গোপাল দলেক

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ সেনা-আৰক্ষীয়ে অভিযানৰ নামত নৃশংসভাবে হত্যা কৰা যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজানৰ ২৫ বছৰীয়া যুৱক জয়ন্ত বৰাৰ ন্যায়ৰ দাবীত মাতৃ লীলা বৰাই বিগত দুদিনৰ পৰা বৰহোলা আৰক্ষী থানাৰ সন্মুখত অব্যাহত ৰখা আমৰণ অনশন আজি বিয়লি ভংগ হয়। আজি যোৰহাট জিলাৰ প্ৰশাসনৰ মৌখিক অন ৰেৰ্কড প্ৰতিশ্ৰুতি আৰু হত্যাকাণ্ডত অভিযুক্ত অ’ চি মিণ্টু সন্দিকৈ আৰু উপ পৰিদৰ্শক গোপাল দলেক কৰ্তব্যৰ পৰা পুনৰ শাস্তিমূলকভাৱে ৰিজাৰ্ভ ক্লজ কৰাৰ পিছতে প্ৰশাসনে বলপূৰ্বকভাবে আমৰণ অনশন প্ৰত্যাহাৰ কৰোৱায় লীলা বৰাক। উল্লেখ্য যে লীলা বৰাৰ স্বাস্থ্য কালিৰে পৰা ক্ৰমাৎ অৱনতি ঘটাত আজি বিয়লি যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই, আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ, মহকুমাধিপতি খনিন্দ্ৰ দাস, তিতাবৰ চক্ৰ বিষয়া মিতালী গগৈ লাহন, দণ্ডাধিশ ৰাজা বৈশ্য সহ প্ৰশাসনৰ এটি বিশাল দল বৰহোলাৰ থানা সন্মুখৰ অনশনস্থলিত উপস্থিত হয়। আৰক্ষীয়ে লীলা বৰাক ক’ভিড -১৯ প্ৰ’টকলৰ দোহাই দি অনশন উঠাই লবলৈ আহবান জনায়। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰৰ এনে আহবানৰ বিৰুদ্ধে অনশনত অংশ লোৱা জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমিতিয়ে তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰীসকলে প্ৰশ্ন কৰে যে চৰকাৰে দিয়া লিখিত প্ৰতিশ্ৰুতি ৬৫ দিন উকলি যোৱাৰ পাছতো কিয় পালন কৰা হোৱা নাই ? মন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় ল’ব লগা হ’ল কিয় ? দুমাহে দোষীক শাস্তি প্ৰদান কৰা পৰিৱৰ্তে চাকৰিত পুনৰ যোগদান কৰিবলৈ অনুমতি কিয় দিলে বুলি জানিব বিচাৰে। কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ তীক্ষ্ণ প্ৰশ্নবানৰ কোনো যুক্তিসংগত সুদ্যুত্তৰ দিব নোৱাৰিলে। ইফালে উপায়ুক্ত তপন গোহাঁইৰ সৈতে প্ৰায় এঘণ্টা ধৰি চলা দুয়োপক্ষ মাজৰ তৰ্ক বিৰ্তকৰ যুদ্ধৰ মাজতে জয়ন্ত বৰাৰ মাতৃয়ে চিঞৰি চিঞৰি কয় — মোক মোৰ পুত্ৰ হত্যাৰ ন্যায় লাগিব নহলে মই অনশন উঠাই নলওঁ। লাগিল চৰকাৰে মোক গুলীয়াই মাৰিলেও মাৰক। মই ইয়াৰ পৰা উঠি নায়াও বুলি কৈছো নাযাওঁ। ইয়াৰ পিছত জিলা অতিৰিক্ত উপায়ুক্তই ৰাইজ আৰু ন্যায় দাবী সমিতিৰ প্ৰবল দাবীত সেও মানি বৰ্তমান কৰ্তব্যত যোগদান কৰা অ’চি মিণ্টু সন্দিকৈ আৰু গোপাল দলেক তৎকালীনভাৱে পুনৰ শাস্তিমূলকভাৱে ৰিজাৰ্ভ ক্লজ কৰা বুলি অৱগত কৰে। চৰকাৰে প্ৰতিবেদন প্ৰকাশ নকৰালৈকে দুই গৰাকী বিষয়া ৰিজাৰ্ভ ক্লজ হৈ থাকিব বুলি কোৱাৰ লগতে লীলা বৰাক সোমবাৰে উপায়ুক্ত কাৰ্যালয়লৈ গৈ পৰিয়ালৰ যিকোনো এজন লোকক চাকৰি বাবে আবেদন কৰিবলৈ অনুৰোধ জনায়। আনহাতে চি আই ডি আৰু আয়ুক্ত ললিত গগৈৰ তদন্তৰ প্ৰতিবেদনৰ অগ্ৰগতি পৰিয়ালৰ লোকক যোৰহাট জিলা প্ৰশাসন ফালৰ পৰা শীঘ্ৰে অৱগত কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পিছতে দুযোগ প্ৰশমন বিভাগৰ কভিড প্ৰটকল দোহাই দি লীলা বৰাক স্বাস্থ্য পৰীক্ষা বাবে বলপূৰ্বক অনশন ভংগ কৰাই লৈ যায়।

উল্লেখ্য যে যোৱা ১৫ জুনৰ নিশা সেনা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা বৰহোলা বালিজানৰ নিৰীহ যুৱক জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰতিবেদন প্ৰকাশ নকৰা, পৰিয়াল চাকৰি দিয়া, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদে এটি পকী ঘৰ নিৰ্মাণ কৰি দিয়া, জয়ন্ত হত্যাৰ বিচাৰ ফাষ্টট্ৰেক আদালত কৰা হ’ব বুলি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, যোগেন মহন আৰু সা‌ংসদ তপন গগৈয়ে দিয়া লিখিত প্ৰতিশ্ৰুতিবোৰ এটাও কাৰ্যকৰী নহ’ল বুলি অভিযোগ উঠিছে। আজি কাৰ্যসূচীত উপস্থিত থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে এজন খিলঞ্জীয়া যুৱক জয়ন্ত বৰাক অসম চৰকাৰ গৃহ বিভাগ অধীনস্থ অসম আৰক্ষী আৰু ভাৰতীয় সেনাই নিশা মাতৃ বুকুৰ পৰা আজুৰি আনি হত্যা কৰিছিল। ন্যায় প্ৰদানৰ নামত চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিয়া পাছতো চূড়ান্ত ৰূপে প্ৰতাৰণা কৰিলে। হত্যা লগত অভিযুক্ত আৰক্ষী বিষয়াক ৰাইজৰ হেঁচাত নিলম্বন কৰা পাছতো গোপনে পুনৰ চাকৰি ঘূৰাই দিলে। তাৰ ফলশ্ৰুতিত দুৰ্ভগীয়া মাতৃ গৰাকীয়ে ন্যায় বিচাৰি আজি তিনিটা দিনে অনশনত বহিবলৈ বাধ্য হল। কিন্তু সততে খিলঞ্জীয়াৰ সুৰক্ষা কথা কোৱা মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰী অন্তৰ গলাব নোৱাৰিলে অনাহাৰে অনিদ্ৰাৰে ৰাজপথতে তিনিটা দিন কটোৱা মাতৃ কন্দনে। এবাৰো শুনিবলৈ আহৰি নহল চৰকাৰৰ দুৰ্ভগীয়া মাতৃ গৰাকী মনৰ কথা। তাৰ বিপৰীতে অনশনতে দুৰ্বল হৈ পৰা মাতৃ লীলা বৰাক ভয় ভাবুকিয়ে অনশন থলীৰ পৰা উঠি যাবলৈ হে বাধ্য কৰোৱা হ’ল। এই সমগ্ৰহ ঘটনাৰ সাক্ষী হৈ ৰলো আমি। এতিয়া এইখন অসমত ন্যায় বিচাৰাতো অপৰাধ ! আমি ন্যায় নোপোৱা পৰ্যন্ত আমি সংগ্ৰাম অব্যাহত ৰাখিম । কোনো ভয় ভাবুকিয়ে খিলঞ্জীয়া হত্যা ঘটনা গাপ দিবলৈ দিয়া নহ’ব বুলি স্পষ্টকৈ ব্যক্ত কৰে সম্পাদকগৰাকীয়ে।

You might also like