নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জুলা গগৈ সন্দিকৈৰ আনুষ্ঠানিক বিদায়

বৰহোলা উঃ মাঃ বিদ্যালয়ত সহকৰ্মী, ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষীৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: যোৰহাট জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা মঞ্জুলা গগৈ সন্দিকৈক আজি আনুষ্ঠানিকভাৱে বিদ্যালয়খনত বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। সেয়ে দুপৰীয়া বিদ্যালয়খনতে পৰিচালনা সমিতিৰ সভাপতি যোগেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় বিদায় সম্বৰ্ধনা সভা। শিক্ষক দিগন্ত বৰাই আঁত ধৰা আৰু বিষয় শিক্ষক তথা ছাত্ৰ একতা সভাৰ সভাপতি প্ৰফুল্ল ভূঞাই উদ্দেশ্য বাখ্যা কৰা সভাত প্ৰাক্তন অধ্যক্ষা মঞ্জুলা গগৈ সন্দিকৈক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী, কৰ্মচাৰী, ছাত্ৰ একতা সভা, বৰহোলা আঞ্চলিক ছাত্র সন্থা লগতে অলেখ অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন তথা শুভাকাংক্ষীয়ে ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ, শৰাই, সফুৰা, চেলেং, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত বিদ্যালয়ৰ অধ্যক্ষ চক্ৰেন শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডম্বৰু চুতীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ নাথ হাজৰিকা, বিদ্যালয়ৰ উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ অহিদুৰ হক আদি বহুকেইগৰাকী সন্মানীয় অতিথি উপস্থিত থাকি অৱসৰ গ্ৰহণ কৰা অধ্যক্ষা গৰাকীৰ কৰ্মজীৱনৰ অতীত সুৱৰি ভাষণ প্ৰদান কৰে। সভাতে বিষয় শিক্ষক প্ৰশান্ত কুমাৰ মহন্ত, শিক্ষয়িত্ৰী অনামিকা দত্ত, বিদ্যালয়খনৰ ছাত্র নৱজ্যোতি নেওগ আদিয়েও বিদ্যালয়খনৰ সকলো দিশতে উন্নয়ণৰ স্বাৰ্থত মঞ্জুলা গগৈ সন্দিকৈয়ে লোৱা বলিষ্ঠ পদক্ষেপৰ কথা উল্লেখ কৰি ভাষণ আগবঢ়ায়।

উল্লেখ্য যে ১৯৯২ চনতে অবৈতনিকভাৱে চাকৰি জীৱন আৰম্ভ কৰি ১৯৯৮ চনত এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপে স্থায়ী পদত নিযুক্ত হৈ পৰৱৰ্তী সময়ত অধ্যক্ষা পদ অলংকিত কৰালৈকে সুদীৰ্ঘ কৰ্মজীৱন আৰু ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে পাৰ কৰা সময়বোৰ সুৱৰি ভাষণত আবেগিক হৈ পৰে অধ্যক্ষাগৰাকী। উল্লেখ্য যে পুৱা শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়খনৰ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰী সকলে ঘৰৰ পৰা আদৰি অনাৰ লগতে বিদ্যালয়খনৰ মূল তোৰণৰ পৰা এন চি চি আৰু বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে হাত চাপৰিৰে বিপুল আদৰণি জনায়। সম্বৰ্ধনা সভাৰ আৰম্ভণিতে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এক সমবেত সংগীত পৰিবেশন কৰে। সভা চলি থকাৰ মাজতে বিদ্যালয়খনৰ ছাত্ৰী গৌৰী বৰাৰ সংগীত পৰিবেশনে উপস্থিত ৰাইজক আপ্লুত কৰে।

উল্লেখ্য যে আজি বিদায়ী সম্বৰ্ধনা সভাতে বিদ্যালয়খনৰ তিনিগৰাকী কৃৰ্তি ছাত্ৰ-ছাত্ৰীক চিনু কিশোৰ ন্যাস বঁটা প্ৰদান কৰা হয়। বঁটাত নগদ ২৫ হাজাৰকৈ টকা তিনিওগৰাকীক মুঠ ৭৫ হাজাৰ টকা প্ৰদান কৰে। চিনু কিশোৰ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান ইউ কেৰ নিবাসী। কীৰ্তি ছাত্র-ছাত্ৰী সকলক আৰ্থিকভাৱে কিছু সকাহ দিবলৈ তেওঁ প্ৰতি বৰ্ষতে এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। বিদ্যালয়খনৰ শিক্ষক প্ৰদুম্ন্য চুতীয়াই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানটোত এইবাৰ বঁটা লাভ কৰে দশম শ্ৰেণীৰ কীৰ্তি ছাত্ৰী প্ৰহেলিকা শইকীয়া, উচ্চতৰ মাধ্যমিক কলা শাখাৰ তৃষ্ণাজ্যোতি নেওগ আৰু বিজ্ঞান শাখাৰ ছাত্ৰ মানস প্ৰতীম সোণোৱালে।

Input: অজয় শইকীয়া, নগাবাট

You might also like