নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত গ্ৰন্থৰ সুবাস বিলাইছে গ্ৰন্থমেলাই; গ্ৰন্থপ্ৰেমীৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বৰহোলাত আৰম্ভ হৈছে গ্ৰন্থ বিপ্লৱ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সহযোগত আজিৰ পৰা ছদিনীয়াকৈ চতুৰ্দশ বৰ্ষৰ বাবে আয়োজিত এই গ্ৰন্থমেলাখনে বিগত তেৰ বছৰে অঞ্চলটোত এক গ্ৰন্থ বিপ্লৱৰ সূচনা কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিপণী আৰু প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা গ্ৰন্থমেলাৰ আজি প্ৰথম দিনটোত স্থানীয় যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমীৰ অংশগ্ৰহণেৰে উদুলি-মুদুলি পৰিবেশ সৃষ্টি হৈছে। গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰে উদ্যোগতাসকলক যথেষ্ট উৎসাহিত কৰি তুলিছে বুলি জানিব পৰা গৈছে।

ৰাজ্যত বৰ্তমান অসমীয়া গ্ৰন্থৰ চাহিদাৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে যদিও বৰহোলা গ্ৰন্থমেলাই অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকৰ মাজত অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি কৰা বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰথম দিনটোত পুৱা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ বৰহোলা আঞ্চলিকৰ সভাপতি দেৱজিৎ পাঠক আৰু উদযাপন সমিতিৰ সভাপতি বুধীন্দ্ৰ নাথ হাজৰিকাৰ পতাকা উত্তোলন, মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সচিব প্ৰধান বিকাশ গগৈৰ স্মৃতি তৰ্পন, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্ত, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক তথা যুৱ সাংবাদিক অজয় শইকীয়াৰ গছপুলি ৰূপনেৰে কাৰ্যসূচী শুভাৰম্ভ হয়। উদযাপন সমিতিৰ মুখ্য সম্পাদকদ্বয় অমল সোণোৱাল, বিজয় হাজৰিকাৰ সৱল পৰিচালনাত ৰূপায়িত অনুষ্ঠাটোত পুৱাতে চতুৰ্দশ বৰ্ষ বৰহোলা গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই। বিধায়কগৰাকীয়ে উদ্বোধনৰ পূৰ্বে আগবঢ়োৱা চমু ভাষণত বৰহোলাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক জাগৰণ সৃষ্টি কৰি কথা উল্লেখ কৰি প্ৰশংসা কৰে। বিধায়কগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলকো গ্ৰন্থক বন্ধু হিচাপে ল’বলৈ পৰামৰ্শ আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানত বৰহোলাৰ সমাজকৰ্মী ছফিকুল হক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক হৰেন গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক গোবিন চন্দ্ৰ গগৈ, শিক্ষক ৰঞ্জু সন্দিকৈ, সমাজকৰ্মী তৰুণ সোণোৱাল, ধ্ৰৱজিৎ পাঠক, পিংকু শইকীয়া, অজিত ঠেঙাল, ধৰ্মেন্দ্ৰ বৰা, বৰহোলা চাহ বাগিচাৰ পৰিচালক দেৱানন্দ বৰুৱা আদি উপস্থিত থাকে। সন্ধিয়ালৈ যদুমণি চুতীয়াৰ সম্পাদনাত প্ৰকাশিত বৰহোলা গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ‘দলং’ আৰু বিষয় শিক্ষয়িত্ৰী পাপৰী চুতীয়াৰ ‘অজস্ৰ সোণাৰু সৰিল’ নামৰ এখন উপন্যাস উন্মোচন হয়।

ইয়াৰ পিছতে বৰহোলা কবি সন্মিলনৰ উদ্যোগত ‘কবিতাৰে জীপাল হওক গ্ৰন্থমেলাৰ বাকৰি” শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯ জানুৱাৰীৰ পুৱা বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষ বৰ্ণালী কলিতাই প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ উদ্বোধন কৰাৰ লগে লগে ছাত্র-ছাত্ৰীৰ কেইবাটাও শাখাত হাতৰ আখৰ, নেওতা গোৱা, ছবিত ৰং কৰা, শ্ৰুতলিপি, সাধু কোৱা, পাঠ পঢ়া আৰু বিয়লিলৈ সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আনহাতে ২০ জানুৱাৰীত আছে অসম ভিত্তিত দিহানাম, বিয়ানাম প্ৰতিযোগিতা। ২১ জানুৱাৰীত বৰহোলা আৰু তিতাবৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ দ্বাৰা বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। ২২ জানুৱাৰীত আছে জ্যোতি সংগীত, পাৰ্বতী সংগীত, ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা। ২৩ জানুৱাৰীত বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সামৰণি পৰিব বুলি উদযাপন সমিতিৰ মুখ্য সম্পাদকদ্বয় অমল সোণোৱাল, বিজয় হাজৰিকাই জানিবলৈ দিয়ে। আটাইকেইটা দিনত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজকসকলে।

প্ৰেৰক | অজয় শইকীয়া, বৰহোলা

You might also like