নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰলোভনক অগ্ৰাহ্য কৰি সততা আৰু নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰা গৃহৰক্ষী জোৱানক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্ৰাহ্য কৰি সততা আৰু নিষ্ঠাৰে কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নিছিন্তপুৰ অঞ্চলৰ সমীপত এখন এলট’ বাহনৰ পৰা কেবাকোটী টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰা গৃহৰক্ষী জোৱানদ্বয় অনুপম মালাকাৰ আৰু জাছিমুদ্দিনৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক অমিয় পালক আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই প্ৰত্যেককে পঞ্চাশ হাজাৰ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰে৷ তদুপৰি, তেওঁলোকক একোখনকৈ প্ৰশংসা পত্ৰও প্ৰদান কৰা হয়৷ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্য্যালয়ত তেওঁলোকক পুৰস্কৃত কৰাৰ সময়ত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান [আইন-শৃংখলা] জি পি সিং, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান [প্ৰশাসন] হৰমিত সিঙৰ উপৰি আৰক্ষী মহাপৰিদৰ্শক [প্ৰশাসন] নিতুল গগৈও উপস্থিত থাকে৷

উল্লেখ্য যে ১৭ জানুৱাৰীৰ পুৱা প্ৰায় ৩-৩০ বজাত কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত গৃহৰক্ষী জোৱানদ্বয়ে নিছিন্তপুৰ অঞ্চলৰ সমীপত এ এছ ১০-এ-৬৪৮৭ নম্বৰৰ এখন এলট’ বাহনক ৰখিবলৈ সংকেত দিয়ে যদিও চালকে তীব্ৰ বেগেৰে বাহনখন লৈ আঁতৰি যায়৷ তেতিয়া গৃহৰক্ষী জোৱান অনুপম মালাকাৰ আৰু জাছিমুদ্দিনে বাহনখনৰ পিছ লৈ বহু চেষ্টাৰ অন্তত বাহনখন ৰাখিবলৈ সক্ষম হয় আৰু বাহনখনৰ চালক হাদিউছ জামানকো কৰায়ত্ত কৰে৷ গৃহৰক্ষী জোৱানদ্বয়ে লগে লগে ঘটনাটো স্থানীয় মেইজবাগাৰগুল গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত বাহিনীৰ সম্পাদক অমিয় পাল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়৷ তেওঁলোকে বাহনখনৰ ভিতৰত ৪ বস্তা সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ কৰে আৰু বিষয়টো কৰিমগঞ্জ আৰক্ষী থানাত অবগত কৰে৷ সেই সময়তে, বাহনখনৰ চালক হাদিউজ জামানে বাহনখন মোকলাই দিয়াৰ বিনিময়ত তেওঁলোকক ১৫-২০ লাখ টকাৰ উৎকোচ যাচে যদিও গৃহৰক্ষী জোৱানদ্বয়ে ইয়াক অগ্ৰাহ্য কৰে৷ ইতিমধ্যে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী অধীক্ষকৰ লগতে উপ-আৰক্ষী অধীক্ষক, কৰিমগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহনখনৰ পৰা ৭,৫৯,২০০ টা য়াবা/মেথামফেটামাইন টেবলেট জব্দ কৰে আৰু এইসমূহৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪০ কোটী টকা৷

You might also like