বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন কৰাৰ দাবীৰে বিজনীত এবছুৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা২৫নৱেম্বৰ:বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ প্ৰবেশদ্বাৰত এবছুৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিটিআৰৰ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী পঞ্জীয়ক নিযুক্তি দিয়াৰ লগতে উপাচাৰ্য লাইস্ৰাম লাডু সিঙৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ উত্থাপন কৰি বিজনী মহাবিদ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে এবছুয়ে। বিজনী মহাবিদ্যালয়ৰ এবছু গোটৰ উদ্যোগত আয়োজিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত মহাবিদ্যালয় খনৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। সংগঠনটোৱে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইস্ৰাম লাডু সিঙৰ মইমতালি নচলিব, উপাচাৰ্য লাইস্ৰাম লাডু সিং হুচিয়াৰ, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন কৰক, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিব, বডোলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী উপাচাৰ্য নিয়গ কৰক আদি ধ্বনিৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে বিজনী মহাবিদ্যালয়ৰ প্ৰবেশদ্বাৰ।