নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেলৱে সদৰ কাৰ্যালয়ৰ বাকৰিত আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস উদযাপন

নিয়মীয়া বাৰ্তা , ২৫ নৱেম্বৰ : এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ মহিলা শাখাৰ উদ্যোগত আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস উদযাপন কৰা হয় । এই উপলক্ষে মহিলা শাখাৰ সম্পাদক মিতালী দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে শাখা সভানেত্ৰী সবিতা ঠাকুৰীয়াই । আনহাতে অনুষ্ঠানত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া , সাংগঠনিক সম্পাদক প্ৰণীতা মজুমদাৰকে ধৰি কেবাজনো বক্তাই আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে আৰু যিসকলে নাৰী বা মহিলাৰ ওপৰত শাৰীৰিক , মানসিককে ধৰি বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই তেওঁলোকক মানৱতাৰ শত্ৰু বুলি অভিহিত কৰে । অনুষ্ঠানত ইউনিয়নৰ শতাধিক সদস্য – কৰ্মকর্তা , সদৰ কাৰ্যালয়ৰ বহু মহিলা কৰ্মচাৰী উপস্থিত থাকে । আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ইউনিয়নৰ ৫ টা সংমণ্ডল কমিটি আৰু ৫৫ টা শাখা কমিটিৰ উদ্যোগত বিভিন্ন ৰেলৱে কাৰ্যালয়ৰ সন্মুখত আজি আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস উদযাপন কৰা হয় ।

You might also like