নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোল–পেঁপা–গগনাৰ মাতেৰে মুখৰ জামুগুৰিহাটৰ বৰপুখুৰীপাৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল: কুৰিৰো অধিক বিহুৱা দলৰ ঢ়োল–পেঁপা–গগনাৰ মাতেৰে মুখৰ হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহুমেলাৰ বাকৰি৷ অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ ৬২সংখ্যক মুকলি বিহু প্রতিযোগিতা উপলক্ষে কালি বিয়লিৰ ভাগত অনুষ্ঠিত প্রতিযোগিতাখনত নিশাৰ ভাগলৈকে বিহু দলসমূহে বিহু প্রদর্শন কৰে৷ বিয়লিৰ ভাগত  বৃত্তাকাৰ চৌহদত এটি এটিকৈ অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা বিহু দলসমূহে প্রৱেশ কৰি তিনি ঘণ্টাৰো অধিক সময় ধৰি একে সময়তে শ শ ঢুলীয়া–নাচনীয়ে বৃত্তাকাৰ চৌহদৰ ভিতৰত বিহু প্রদর্শন কৰে৷ ১৫ সহস্রাধিক লোকে প্রাণভৰি উপভোগ কৰে অসমৰ মুকলি বিহুৰ এই বিনন্দীয়া ৰূপ৷ ইতিমধ্যে কেতিয়াবাই সোণালী জয়ন্তী বর্ষ অতিক্রম কৰি এইবাৰ ৬২সংখ্যক বর্ষত ভৰি দিয়া জামুগুৰিহাটৰ এই ঐতিহ্যমণ্ডিত মুকলি বিহু প্রতিযোগিতাখন তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই উদ্বোধন কৰাৰ পিছতে মুখ্য অতিথি হিচাপে উপস্থিত থকা শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্রয়ো এই মুকলি বিহু উপভোগ কৰি আপ্লুত হৈ পৰে৷ জামুগুৰীয়া ৰাইজে ৬২বছৰ ধৰি ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি অহা এই বিহুমেলা সংস্কৃতিৱান জামুগুৰীয়া ৰাইজৰ স্বাভিমান বুলিও উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে৷ সদৌ অসম ভিত্তিত অনুষ্ঠিত প্রতিযোগিতাখনত ঢ়েকীয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দলে সর্বশ্রেষ্ঠ বিহুৱা দলৰ সন্মান লাভ কৰাৰ বিপৰীতে কলাবাৰীৰ প্রাগজ্যোতি বিহুৱা দলে প্রথম শ্রেষ্ঠ, ভালুকপুঙৰ শিল্পী সংস্থা বিহুৱা দলে দ্বিতীয় শ্রেষ্ঠ আৰু জামুগুৰিহাটৰ মন ব’হাগী বিহুৱা দলে তৃতীয় শ্রেষ্ঠ বিহুৱা দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে জামুগুৰিহাটৰ ৮০ৰো ঊর্ধ্বৰ ব্যক্তি তিনিশৰো অধিক বিহু গীতৰ স্রষ্টা তথা বৰ বিহুৱা মোহন শইকীয়াক ৬২সংখ্যক বৰপুখুৰী পাৰৰ মুকলি বিহু মেলাত ‘ধন কেতেকী’ উপাধিৰে সন্মানিত কৰাৰ লগতে জামুগুৰিহাটৰ সু–সন্তান তথা মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া কুন্তলমণি শর্মা বৰদলৈকো বৰপুখুৰীপাৰ মুকলি বিহু কমিটীয়ে গামোচা–জাপি–চেলেং আৰু প্রশস্তি–পত্রৰে বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰে৷

 

You might also like