শুক্লাই ছেৰফাঙত বলিছে বিপিএফ-গণ সুৰক্ষাৰ নিৰ্বাচনী বতাহ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ সমগ্ৰ বিটিচিতে ক্ৰমাত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী বতাহ।বিটিচিৰ চাৰি জিলাৰ ৪০ টা পৰিষদীয় নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।উল্লেখ্য যে নিৰ্বাচনী বিধি বলবৎ হৈছিল যদিও ক’ৰণা ভাইৰাচৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে স্থগিত ৰাখিছে যদিও বৰ্তমানলৈকে নতুনকৈ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই।তৎসত্বেও প্ৰতিটো দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ ৰণকৌশল অৱলম্বন কৰি আহিছে।
বাগসাৰ শুক্লাই ছেৰফাঙ পৰিষদীয় সমষ্টিটো নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাৰ্থীসকলে।ইতিমধ্য সমষ্টিটোৰ ভোটাৰ ৰাইজৰ বিশেষভাৱে সমৰ্থন লাভ কৰাৰ চৰ্চা চলিছে তিনিবাৰকৈ সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰা বিপিএফ প্ৰাৰ্থী গনেশ কছাৰী আৰু গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মনিন ডেকাৰ।সমষ্টিটোৰ পৰা বিজয়ী হৈ দুবাৰকৈ বিটিচি পৰিষদৰ ই এমহৈ গনেশ কছাৰীয়ে অনগ্ৰসৰ তথা পথ যাতায়াতৰ লগতে চিকিৎসা সমস্যাকে ধৰি এশ এবুৰি সমস্যাতে জৰ্জৰিত অঞ্চলটোলৈ আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হোৱাত ভোটাৰ ৰাইজৰ মাজত জনপ্ৰিয় নেতা হিচাপে পৰিচিত হৈ পৰিছে।
কিন্তু বিপিএফৰ গনেশ কছাৰীক পৰাভূত কৰিবলৈ উঠিপৰি লাগিছে গণ সুৰক্ষা পাৰ্টিৰ মনিন ডেকা,ইউ পি পি এলৰ প্ৰদীপ বড়ো আৰু বিজেপিৰ ৰনেন্দ্ৰ কুমাৰ নাৰ্জাৰীয়ে।অৱশ্যে বিজেপিৰ প্ৰাৰ্থী ৰনেন্দ্ৰ কুমাৰ নাৰ্জাৰী দলবাগৰা ৰাজনীতিক হিচাপেহে পৰিচিত সমষ্টিটোৰ ভোটাৰৰ মাজত। বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে পূৰ্বতে বিপিএফ দলৰ আছিল যদিও যোৱাতো পৰিষদীয় নিৰ্বাচনত পিচিডিআৰৰ হৈ নিৰ্বাচনত নামি শোচনীয়ভাৱে পৰাজীত হৈছিল।কিন্তু সমাগত নিৰ্বাচনটোত পুনৰ দল সলাই বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে নিৰ্বাচনটোত।অৱশ্যে প্ৰাৰ্থী গৰাকীক জয়ী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই সঘনাই সভা অনুষ্ঠিত কৰি আহিছে যদিও বিপিএফৰ প্ৰত্যাহ্বান ৰোধত কিমান সফল হয় মন্ত্ৰী গৰাকীৰ নিৰ্বাচনী প্ৰচাৰ সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।আনহাতে ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰদীপ বড়োৱে বৰ্তমানেও ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ সক্ষম নোহোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।সেয়েহে সমষ্টিটোত বিপিএফ আৰু গণ সুৰক্ষাৰ মাজতে মুল নিৰ্বাচনী যুজখন হোৱাৰ সম্ভাৱনাই দেখা দিছে সমষ্টিত।