নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদসীমা অতিক্ৰমঃ ফেৰী সেৱা,চৰকাৰী-ব্যক্তিগত নাও বা জাহাজৰ চলাচলত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা ১৭ জুন: যোৱাকালি বিয়লিৰ ফালেই ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি ৪টা বজাত ধুবুৰীত নৈখন বিপদ সীমাৰ ৬৪ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ বিভিন্ন উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপেক্ষিতত যোৱাকালিয়েই ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে জিলাখনত সকলোধৰণৰ ফেৰী সেৱা তথা চৰকাৰী আৰু ব্যক্তিগত নাও বা জাহাজৰ চলাচলত তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ বািষেধাজ্ঞা আৰোপ কৰিছে৷ ইফালে বিগত কেবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে ধুবুৰী জিলাৰ বহু শিক্ষানুষ্ঠানৰ চৌহদ পানীত বুৰ গৈছে৷ আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনাগত দিনকেইটাত ধুবুৰী জিলাত প্ৰৱল বৃষ্টিপাত হোৱাৰ আগজাননী দিছে৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জিলাখনৰ বানত বুৰ যোৱা সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যালয়সমূহে পৰিদৰ্শক বা জিলা প্ৰাথমিক শিক্ষা বিষয়াক অৱগত কৰি বন্ধ ৰখাৰ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। অৱশ্যে পৰিস্থিতি সাপেক্ষে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাত ৰেহাই দিয়া হোৱা বুলিও প্ৰকাশ।

You might also like