মৰঙিত সুৰামত্ত ককায়েকৰ প্ৰহাৰত ভায়েকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : গোলাঘাট জিলাৰ মৰঙি মৌজাৰ ৫নং পোৰাজংঘলত ৰবিবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। সুৰামত্ত অৱস্থাত থকা নিজ ককায়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে যদু বৰা নামৰ লোকজনক।হত্যাকাৰী ককায়েক লাতুমনি বৰাই লোৰ পাইপেৰে মৰিয়াই হত্যা কৰিলে নিজ ভাতৃক৷ দেওবাৰে নিশা লাতুমনি বৰাই এটা পাৰ চৰাইক কেন্দ্ৰ কৰি যদুমনি বৰাৰ লগত বাক-বিতণ্ডাত লিপ্ত হয়। সুৰামত্ত অৱস্থাত থকা লাতুমনি বৰাই ভায়েক যদুমনি বৰাক প্ৰথমে চৰ-ঘোচাৰে আক্ৰমণ কৰে। তাৰ পিছতে এডাল লোৰ পাইপেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে যদু বৰাক। ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত ১০৮ সেৱাৰ এম্বুলেন্সেৰে লাটুমণি বৰাই নিজে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ভায়েকক লৈ যায় যদিও পথতে কৰুণ মৃত্যুক আকোৱালি লয় ভায়েক যদু বৰাই। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে গোলাঘাট আৰক্ষীয়য়ে নিশায়ে চিকিৎসালয়খনৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী লাতুমনি বৰাক। ইফালে ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত কৰি গোলাঘাট আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। কিছু সময়ৰ পাছতেই ঘটনাস্থলীত গোলাঘাটৰ উপ আৰক্ষী আয়ুক্ত শুভাশীষ চন্দ্ৰ বৈশ্যসহ উচ্চ পদস্থ বিষয়াৰ এটি দল উপস্থিত হৈয়ো ঘটনাৰ তদন্ত কৰে। ঘটনাস্থলীলৈ ভাতৃ হত্যাকাৰী লাটুমণি বৰাক আনি হত্যাকাণ্ডত ব্যৱহৃত লোৰ পাইপডাল উদ্ধাৰ কৰে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে।
প্ৰেৰক অৰ্ণৱ শইকীয়া