বিটিএডিত সংঘটিত সকলো দুর্নীতিৰ হ’ব তদন্ত
গোসাঁইগাঁৱত ৰাজ্যিক বিজেপিৰ সভাপতিক বাইক ৰেলীৰে আদৰণি
নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ ডিচেম্বৰৰ প্রথম সপ্তাহত বিটিচিৰ পৰিষদীয় নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য কৰি বিটিআৰত সকলো দলে নির্বাচনী প্রচাৰ জোৰদাৰ কৰি তোলাৰ সময়তে আজি গোসাঁইগাঁৱত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস৷ গোসাঁইগাঁৱৰ জয়মাৰ পৰা প্রায় আঠ কিলোমিটাৰ পথ মটৰচাইকেল সমদলেৰে দলীয় কর্মী–সমর্থকসকল্ গোসাঁইগাঁও চহৰলৈ তেওঁক আদৰি আনে৷ সাংবাদিকৰ আগত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে বিটিআৰৰ ৰাইজে বিচৰা ‘গুড গভর্নেঞ্চ’ৰ দাবীৰ প্রতি সঁহাৰি জনাই অনাগত দিনত বিটিআৰত বিজেপিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ বিপিএফৰ একাংশ নেতা–কর্মীয়ে বিজেপিলৈ ঢ়াপলি মেলা সন্দর্ভত কৰা প্রশ্ণৰ উত্তৰত তেওঁ আৰু কয় যে অসমৰ বড়ো জনগোষ্ঠীৰ লোকে বিজেপি দলক ভাল পায় আৰু তাৰ বাবেই বহুতে বিজেপিৰ প্রতি আকৃষ্ট হৈছে৷ বিটিচিৰ নির্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি কোনো দলৰ সহায় নোলোৱাকৈ চৰকাৰ গঠন কৰিব বুলি সভাপতিগৰাকীয়ে দৃঢ়তাৰে কোৱাৰ লগতে পাঁচ নম্বৰ চৰাইবিল সমষ্টিৰ বিজেপিৰ প্রার্থী উইলিয়াম নার্জাৰীৰ বিজয় নিশ্চিত আৰু তেওঁক বিজেপি নেতৃত্বাধীন পৰিষদত কার্যবাহী সদস্যৰ পদ প্রদান কৰিব বুলি ঘোষণা কৰে৷ তেওঁ কয় যে নির্বাচনত বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব আৰু বিগত ১৫ বছৰৰ হাগ্রামাৰ শাসন কালত বিটিওএডিত সংঘটিত সকলো দুর্নীতিৰ তদন্ত হ’ব৷ তদন্তত যিসকল নেতাৰ দুর্নীতি পোহৰলৈ আহিব, সেইসকল নেতাৰ স্থান হ’ব জে’ল৷ ৰাজ্যিক বিজেপিৰ সভাপতি দাসে কয় যে হাগ্রামা মহিলাৰীৰ শাসনকালত স্বজন–তোষণৰ ৰাজনীতি হৈছে৷ হাগ্রামাৰ শাসনকালত বিপিএফ দলৰ একাংশ নেতা– পালিনেতা লাভান্বিত হোৱাৰ বাহিৰে সর্বসাধাৰণ লোক বঞ্চিত হৈছে৷ তেওঁ চৰাইবিল সমষ্টিৰ দলীয় প্রার্থী উইলিয়াম নার্জাৰী, ফকিৰাগ্রাম সমষ্টিৰ প্রার্থী অৰূপ দে’, গুমা সমষ্টিৰ নিলেশ্বৰ ৰায় আৰু শ্রীৰামপুৰ সমষ্টিৰ নির্দলীয় প্রার্থী সঞ্জীৱ দত্তৰ সমর্থনত এক মটৰচাইকেল ৰেলী উলিয়াই গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চল পৰিভ্রমণ কৰে৷ ইয়াৰ পিছত চৰাইবিল সমষ্টিৰ দলীয় কার্যালয়ত বিজেপিৰ কর্মকর্তাসকলৰ লগত এখন আলোচনা সভাত মিলিত হয়৷