নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত হিমন্তৰ দাদাগিৰি নচলিব

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ বিপিএফে ৩০খন আসনত বিজয়ী হৈ বিটিচিত যে পুনৰ চৰকাৰ গঠন কৰিব তাত কোনো সন্দেহ নাই৷ বিটিচিত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিপিএফৰ বিৰুদ্ধে অপপ্রচাৰ চলালেও বিপিএফৰ এক বিন্দুও ক্ষতি কৰিব নোৱাৰে৷ –এই মন্তব্য বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ৷

লগতে পঢ়কঃ লকডাউনৰ সময়ত ৪২ লিটাৰ স্তন দুগ্ধ দান মুম্বাইৰ এইগৰাকী মহিলাৰ… জনালে কাৰণ

তেওঁ কয় যে মোদী চৰকাৰে বিটিচিত এক হাজাৰ কোটি দিয়াৰ কথা আছিল৷ কিন্তু দিছে মাত্র ৬০০ কোটি৷ বাকী ৪০০ কোটি ক’ত গ’ল বুলি মহিলাৰীয়ে প্রশ্ণ কৰে৷ তেওঁ কয় যে বিটিচিৰ বিষয়ে হিমন্ত বিশ্ব শর্মাই একো নাজানে৷ হিমন্ত বিশ্ব শর্মাৰ দাদাগিৰি বিটিচি এলেকাত নচলিব৷ আজি কচুগাঁও সমষ্টিৰ ৰামপুৰ, পাণবাৰী, খলিচানীমৰীত বিপিএফৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি তিনিখন জনসভাত অংশগ্রহণ কৰি আৰু কয় যে শর্মাৰ সাহস আছে যদি অকল বিটিচিৰ মানুহক লৈ জনসমাগম কৰি সভা পাতি দেখুওৱাক৷ আজি গোসাঁইগাঁৱত বিজেপিৰ মিটিঙতো বিটিচিৰ বাহিৰৰ পৰা মানুহ আনি জনসমাগমৰ সৃষ্টি কৰি বাঃ বাঃ লোৱা বুলি মহিলাৰীয়ে দাবী কৰে৷ তেওঁ কয়– বিজেপি শাসনলৈ আহিলে কোচ ৰাজবংশী, আদিবাসীক তিনি মাহৰ বিতৰত জনজাতিকৰণৰ মর্যাদা দিব বুলি বিজেপিৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চিঞৰি চিঞৰি ভাষণ দিছিল৷ মিথ্যাবাদী দল বিজেপিৰ নেতা, মন্ত্রী, পালিনেতাৰ এনে কথাত ভোল নাযাব৷ বিটিচিত খাচ মাটিত বসবাস কৰা লোকৰ মাটিৰ পট্টা দিয়াৰ বাবে বিপিএফ সদায় প্রস্তুত বুলিও কয় হাগ্রামাই৷

জনসভাকেইখনত বিধায়ক ৰবিৰাম নার্জাৰী, প্রাক্তন ইএম শোভাৰাম বসুমতাৰীকে ধৰি বিপিএফৰ ভালেসংখ্যক নেতা–নেত্রী উপস্থিত আছিল৷ উল্লেখ্য যে পাণবাৰীত দুই শতাধিক আদিবাসী লোকে বিপিএফত যোগদান কৰে৷ তিনিওখন জনসভাত ৰাইজৰ সমাগম আছিল যথেষ্ট৷

You might also like