নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সময়ত ৪২ লিটাৰ স্তন দুগ্ধ দান মুম্বাইৰ এইগৰাকী মহিলাৰ… জনালে কাৰণ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ ‘মাতৃত্ব লাভৰ পিছতে মই অনুভৱ কৰোঁ যে মোৰ যথেষ্ট গাখীৰ জমা আছে। ইয়াকে লৈ মোৰ বন্ধু-বান্ধৱীয়ে মোক বিভিন্ন উপায় অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় যদিও কোনো এটাই বাস্তৱসন্মত যেন নেদেখিলোঁ।

মই ইণ্টাৰনেটত এই বিষয়ে উপায় বিচাৰোঁতে পালোঁ যে আমেৰিকাত ব্ৰেষ্ট মিল্ক জমা দিয়াৰ সুবিধা আছে। এনেতে এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞাই মোক জনাই যে মুম্বাইৰ এখন হাস্পতালে আজি এবছৰে ব্ৰেষ্ট মিল্ক বেংক চলাই আছে। মই যোগাযোগ কৰোঁ আৰু এইদৰে মই লকডাউনৰ সময়ৰ পৰা এতিয়ালৈ ৪২ লিটাৰলৈ গাখীৰ দান কৰোঁ।’ -এয়া মুম্বাইৰ ছবি জগতৰ এগৰাকী প্ৰযোজক নিধি পৰমাৰ হিৰনন্দানীয়ে ব্যক্ত কৰা কথা।

মাতৃত্ব লাভৰ পিছত নিধি পৰমাৰে যোৱা মে’ মাহৰ পৰা এতিয়ালৈকে দান কৰি আহিছে ব্ৰেষ্ট মিল্ক। মুম্বাইৰ সূৰ্য হাস্পতালৰ নিঅ’নেটল ইণ্টেন্সিভ কেয়াৰ ইউনিটত প্ৰযোজকগৰাকীয়ে দান কৰা ব্ৰেষ্ট মিল্কৰ জৰিয়তে হাস্পতালখনৰ প্ৰায় ৬০টা অপৈণত নৱজাতকে শাৰীৰিক পুষ্টি লাভ কৰে। এই ঘটনা তেওঁ নিজে গৈ চাই আহে। উল্লেখ্য, নিধিৰ এই দানৰ বাবে বহু নৱজাতকে প্ৰাণ ওভতাই পোৱা বুলিও প্ৰকাশ কৰে হাস্পতাল কৰ্তৃপক্ষই।

৪১ বছৰীয়া নিধি পৰমাৰ হিৰনন্দানীয়ে নৱজাতকৰ প্ৰতি পালন কৰা দায়িত্বক লৈ গৌৰৱবোধ কৰাৰ লগতে আগন্তুক এবছৰলৈ তেওঁ ব্ৰেষ্ট মিল্ক দান কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে। প্ৰযোজকগৰাকীয়ে কয় যে ব্ৰেষ্ট মিল্কক লৈ আমাৰ সমাজে এতিয়াও খোলাকৈ কথা পাতিবলৈ সংকোচ কৰে। কিন্তু এয়া আধুনিক সমাজৰ বাবে প্ৰয়োজনীয় এটা বিষয়। উল্লেখ্য, ছবি প্ৰযোজক নিধিৰ চান্দ কি আখ ছবিখন ২০১৯ৰ এখন জনপ্ৰিয় ছবি আছিল।

লগতে পঢ়ক- আজি জন্মদিনঃ জুবিন গাৰ্গৰ বিষয়ে ৬টা জানিবলগীয়া কথা…

You might also like