নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি টি আৰ গোৰ্খা সমাজৰ প্ৰতিনিধি সভা: পূৰ্ণাংগ সমিতি গঠন; ইউ পি পি এলক সমৰ্থন

নিয়মীয়া বাৰ্তা , ২১আগষ্ট : বি টি চি অঞ্চলত যুগ যুগ ধৰি বসবাস কৰা গোর্খাসকলৰ আৰ্থ -সামাজিক ,ৰাজনৈতিক,শৈক্ষিক আদি দিশত সৰ্বাংগীন উন্নয়নৰ উপৰি গোর্খা সমাজত প্ৰচলিত বৰ্ণ-বৈষম্য দূৰ কৰি উমৈহতীয়া ভাবে কাম কৰি যোৱাৰ উদ্দেশ্য আগত ৰাখি আজি কাজলগাঁৱত বি টি আৰ গোর্খা সমাজৰ (তদৰ্থ কমিটি)ৰ এখন প্ৰতিনিধিমূলক সাধাৰণ সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী উত্তম প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত সভাত উত্তম প্ৰধানক (চিৰাং) সভাপতি আৰু দীপক নিৰোলাক (ওদালগুৰি) সম্পাদক হিছাপে লৈ ৩১জনীয়া বি টি আৰ গোৰ্খা সমাজৰ পূৰ্ণাংগ সমিতি খন গঠন কৰা হয়। উক্ত সভাত লোহিত উপ্ৰেতিক মূখ্য সচিব আৰু এব নাৰায়ণ পাঠকক সচিব হিচাবে লৈ ১১জনীয়া উপদেষ্টা কমিটি গঠন কৰাৰ লগতে মাধৱ ছেত্ৰীক মুখ্য সচিব হিচাবে লৈ ১১জনীয়া সংবিধান প্ৰস্তুত খচৰা সমিতিও গঠন কৰা হয়।

উক্ত সভাত গোর্খাসকলৰ সামাজিক , শৈক্ষিক, ৰাজনৈতিক আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ উপৰি অহা ১৫দিনৰ ভিতৰত বি টি আৰৰ চাৰিখন জিলাত গোৰ্খা সমাজৰ জিলা গোট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি আসন্ন বি টি চি নিৰ্বাচনত ইউ পি পি এল দলে গোৰ্খা জনগোষ্ঠীৰ দুজনকৈ ব্যক্তিক প্ৰাৰ্থীত্ব দিয়াৰ বাবে আজিৰ সভাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দলৰ উক্ত কাৰ্যক আদৰণি জনায়। উক্ত সভাত গোৰ্খা জনগোষ্ঠীয়ে দাবী উত্থাপন কৰা ১৩ দফীয়া সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত দলে সংগঠনটোৰ সৈতে চুক্তি সম্পাদন কৰাত ইউ পি পি এল দলক সংগঠনটোৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আন এক প্ৰস্তাৱত অচিৰেই গোৰ্খা জাতীয় সংগঠনসমূহৰ লগত আলোচনা কৰি জাতীয় সমস্যা সমাধানৰ বাবে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰা হব বুলিও সভাই সিদ্ধান্ত লয়। বিশিষ্ট সমাজকৰ্মী উত্তম প্রধানৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম গোৰ্খা সন্মিলনৰ উপসভাপতি মাধৱ ছেত্ৰী, প্রাক্তন নেতা ক্ৰমে লোহিত উপ্ৰেতি, সদৌ অসম গোৰ্খা (পূৰ্বে নেপালী) ছাত্র সংগঠনৰ প্ৰাক্তন সম্পাদক মোহন সিং মগৰ, এব নাৰায়ন পাঠক, অসম নেৱাৰ সাংগঠনৰ সভাপতি দেৱ নেৱাৰ, বি টি চিৰ ক্ষেত্ৰীয় সমিতি গোৰ্খা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ ভট্টৰাই, সম্পাদক বদ্ৰী লুইটেল, সন্তোষ তামাং, ভোলা ভণ্ডাৰী,পবিত্ৰ ভট্টৰাই, অসম গুৰুং সংগঠনৰ সভাপতি হৰ্ক বাহাদুৰ গুৰুঙৰ উপৰিও গোৰ্খা জাতীয় দল-সংগঠনৰ নেতৃবৃন্দসহ বি টি চি ৰ চাৰিওখন জিলাৰ পৰা দুই শতাধিক লোক উপস্থিত থাকে।

You might also like