নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিৰ্জাত হিন্দী চিনেমাৰ কায়দাত ব্যৱসায়ীক অপহৰণ

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ পুনৰ অপহৰণৰ ঘটনা! মিৰ্জাত হিন্দী চিনেমাৰ কায়দাত ব্যৱসায়ীক অপহৰণ। শনিবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড।

অচিনাক্ত দুৰ্বৃত্তই নিশা দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাতে ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ অপহৰণ কৰে।
চাৰিজনীয়া দুৰ্বৃত্তই শূণ্যলৈ গুলী চালনা কৰি ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক অপহৰণ কৰা ঘটনাই সমগ্ৰ কামৰূপত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জা চ’কত থকা দোকান বন্ধ কৰি ঘৰলৈ গৈ ওভতাৰ অৱস্থাত ঘৰৰ সমীপতে মুনিন্দ্ৰ তালুকদাৰক বাট আগুচি ধৰি গাড়ীৰ পৰা নমাই চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় ।

এই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা এটা খালি মেগজিন উদ্ধাৰ কৰে।

You might also like