নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেঞ্চাৰ ৰোগী ৫ বছৰীয়া ৰাম-পুত্ৰৰ আলফা(স্বা)লৈ ভিডিঅ’ বাৰ্তা…

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ কুইপোৰ দুই বিষয়াৰ মুক্তি প্ৰসংগত কুইপো, চৰকাৰ আৰু আলফাৰ মাজত কোনো সুস্থিৰ সমাধান সূত্ৰ এতিয়ালৈ ওলোৱা নাই। শেহতীয়া তথ্যৰ পৰা এই কথা বুজা যায় যে নিজৰ স্থিতিত আটায়ে অটল।

কিন্তু ইয়াৰ ফলত কুইপোৰ কৰ্মচাৰী দুগৰাকী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত চলিছে তীব্ৰ দুঃচিন্তা-উদ্বিগ্নতা। এনে এক পৰিস্থিতিৰ মাজতে বিহাৰৰ ৰাম কুমাৰৰ কৰ্কট ৰোগত আক্ৰান্ত শিশু পুত্ৰৰ এটা ভিডিঅ’ৱে বিষয়টো মানৱতাৰ দৃষ্টিৰে চোৱাৰ অৱকাশ আনি দিয়ে সকলো পক্ষকে।

কৰ্কট ৰোগত আক্ৰান্ত এই ৫ বছৰীয়া শিশু পুত্ৰই পাটনাৰ এইমছ হাস্পতালৰ পৰা পিতৃৰ মুক্তি বিচাৰি জনাইছে কাতৰ অনুৰোধ।

ভিডিঅ’যোগে শিশুপুত্ৰই কয়- ‘আংকলজি, মোৰ দেউতাক এৰি দিয়ক, মোৰ স্বাস্থ্য বেয়া,মোৰ তেওঁৰ বাহিৰে কোনো ভৰসা নাই, প্লিজ মোৰ দেউতাক এৰি দিয়ক।’

অসমৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালৰো অৱস্থা একেই। এনেক্ষেত্ৰত বিষয়টো আন যিকোনো দিশতকৈ মানৱতাৰ দিশৰ পৰা চোৱাৰ প্ৰয়োজন আছে সংশ্লিষ্ট পক্ষৰ।

উল্লেখ্য, পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃ ৰাম কুমাৰে ১০ লাখ টকাৰ ঋণ লৈছিল, কিন্তু এতিয়া আলফাৰ হাতত বন্দী থকা পিতৃৰ অনুপস্থিতিত যাৱতীয় চিকিৎসাৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হৈ আছে কৰ্কটত আক্ৰান্ত শিশুটি।

You might also like