জোনাইত CAA ৰ বিৰুদ্ধে পুনৰ হুংকাৰ – জোঁৰ সমদল,বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল জোনাই
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ:: ২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে অসমতো ইয়াৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছিল ব্যাপক প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ এদিন পিছতে অৰ্থত ১২ ডিচেম্বৰ ২০১৯ তাৰিখে ৰাজ্যজুৰি সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদত প্ৰাণ হাৰুৱাইছিল পাঁচজনকৈ লোকে। এই আইনখনৰ বিৰুদ্ধে ৰাজ্যজুৰি ধাৰাবাহিক আন্দোল অব্যাহত থকাৰ মাজতে মহামাৰী কৰ’ণাৰ আবিৰ্ভাৱে এই আন্দোলন স্তব্ধ কৰি পেলাই।
CAA গৃহীত কৰা আজি এবছৰেই হ’ল তথাপি সেই আইন মানি নলওঁ বুলি আজি জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ সহযোগত জোঁৰ সমদল প্ৰদৰ্শন কৰি CAA ৰ বিৰুদ্ধে হুংকাৰ দি জোনাই আকাশ বতাহ কপাই তোল৷ আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীত আছুৰ শ্বহীদ বেদী মঞ্চৰপৰা CAA আন্দোলনত নিহত পাঁচজন নিৰহৰ শ্বহীদ তৰ্পণ কৰি আছুৰ শ্বহীদ বেদীৰ পবিত্ৰ স্থানৰ পৰাই “কা” গৃহীত হোৱা এবছৰ হ’ব যদিও অসমৰ ৰাইজে “কা” মানি লোৱা নাই আৰু ভৱিষ্যতেও অসমৰ ৰাইজে “কা” মানি নলয়। অসমত এজনো বিদেশীক সংস্থাপন দিয়া নহ’ব বুলি শুংকাৰ সদৌ অহম ছাত্র সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গৈগৈৰ লগতে ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মাই কয় ১২ ডিচেম্বৰ দিনটো আমাৰ অসমীয়াৰ কাৰনে কলা অধ্যায় কিয়নো এই দিনটোতে শাসনাধীন নৰেন্দ্ৰ মোদীৰ আৰু সৰ্বানন্দ সোনোৱালৰ নেতৃত্বৰ চৰকাৰখনে ফুলকুমলীয়া পাঁচজনকৈ ডেকা লৰা এক ঘন্টাত ঘূলিয়াই মাৰি পেলাইছিল আৰু তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দি সেই সময়ৰ পৰাই কা আন্দোলন আগবঢ়াই নিছো৷ কিন্তু এই চৰকাৰখনৰ চোৰাংচোৱা সকলে কব বিছাৰে যে কা আন্দোলনখন সীমিত আৰু ইতিমধ্যে কা আন্দোলন শেষ হল বুলি কব বিছাৰিছে কিন্তু আমি সকলো দল সংগঠনে জোনাইৰ আছুৰ পবিত্ৰ শ্বহীদ বেদীৰ পৰাই স্পষ্ট কৰি দিয়ে যে কা আন্দোলন কেতিয়াও সীমিত হোৱা নাই আৰু কোনো দিন নহয়৷ অসমৰ অসমীয়াৰ সত্তা থকা, প্ৰতিটো অসমীয়াৰ তেজ বৈ থকা প্ৰতিটোপাল তেজৰ ৰন্ধে ৰন্ধে কা আমী নামানো কা আমাক নালাগে বুলি তীব্ৰ শুংকাৰ দিয়ে লগতে কয়। ১৯৭১ চনৰ পিছত অহা হিন্দু-মুছলাম সকলো বিদেশীক খেদিবলৈ আমি বদ্ধ পৰিকৰ। সংশোধনী আইন বাতিলৰ দাবীত জোনাই আছুৰ শ্বহীদ বেদীৰ পৰা ৰোকচিন গেটলৈ জোঁৰসমদল কৰি , তাল বজাই প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল জোনাই চহৰ৷
আজিৰ জোৰ সমদল কাৰ্যসূচীত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম প্ৰচাৰ সম্পাদক কৈলাশ মিৰি জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জীত বসুমতাৰী উপ সভাপতি কল্লোল কোঁৱৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বৰা বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মেদিনী দলে চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ দাস , অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ উপদেষ্টা নীল গগৈ, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, জোনাই আঞ্চলিকৰ সম্পাদক সত্য , জোনাই মহকুমা ছাত্ৰ সন্থা লগতে গৰিয়া মৰীয়া লগতে বিভিন্ন দলৰ কৰ্মকর্তা উপস্থিত থাকে৷