মৰিগাঁৱত নাগৰিকত্ব সংশোধিত আইনৰ বিৰোধিতাৰে যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ
নিয়মীয়া বাৰ্ত ১১ ডিচেম্বৰঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধিত আইন বিৰোধিতাৰে এক বৃহৎ প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়ন কৰা কাৰ্যসূচীত জিলা খনৰ সকলো আঞ্চলিক সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক আৰু পৰিষদৰ সকলো পৰ্যায়ৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আছিল উল্লেখযোগ্য।
মৰিগাঁও স্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি মৰিগাঁও ঐতিহাসিক বিহুতলিৰ প্ৰাঙ্গনত সামৰণি কৰা প্ৰতিবাদী সমদলত প্ৰায় অৰ্ধ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগানেৰে ৰাজ-পথ উত্তাল কৰি তুলে।