নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাত আন যুৱকৰে দেখি কাছাৰত প্ৰেমিকাৰ ডিঙি কাটি হত্যাৰ চেষ্টা প্ৰেমিকৰ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : পূজাত আন যুৱকৰ সৈতে প্ৰেমিকাক ঘূৰি ফুৰা দেখি প্ৰেমিকাৰ ডিঙি কাটি হত্যাৰ চেষ্টা প্ৰেমিকৰ। চাঞ্চল্যকৰ এই ঘটনা কাছাৰ জিলাৰ বৰখলাৰ মইনাগৰ চাহ বাগিচাত সংঘটিত হৈছে । জানিব পৰা মতে, অষ্টমীৰ দিনা প্ৰেমিকাৰ ডিঙি কাটি বস্তাত সুমুৱাই জঙ্গলত পেলাই থয় প্ৰেমিকে। ইপিনে ঘটনাৰ খবৰ পোৱাৰ পিছত যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যই ঘটনা সন্দৰ্ভত বৰখলা আৰক্ষী চকীত  এটা গোচৰ ৰুজু কৰে। গোচৰৰ ভিত্তিত কালি আৰক্ষীয়ে সঞ্জয় তেলী নামৰ প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, যুৱতীগৰাকীক বাগিচাত আন এজন যুৱকৰ সৈতে ঘূৰি ফুৰা দেখি প্ৰেমিক সঞ্জয়ে খঙতে প্ৰেমিকাক হত্যাৰ পৰিকল্পনা কৰে। ঘটনাৰ প্ৰতিশোধ ল’বলৈ প্ৰেমিকাক পূজা চোৱাৰ অজুহাতত জঙ্গললৈ লৈ যায়। জঙ্গলত প্ৰেমিকাক ধৰ্ষণ কৰাৰ পিছত ডিঙিত কেইবাটাও আঘাত কৰি মৃত্যু হোৱা বুলি এটা বস্তাত ভৰাই পেলাই আহে‌ প্ৰেমিক সঞ্জয়ে ৷ পিছত আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি  শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । তদুপৰি  আৰক্ষীয়ে প্ৰেমিক তেলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায়। বৰ্তমান যুৱতীগৰাকী মেডিকেলত সংকটজনক অৱস্থাত আছে। ইপিনে, জানিব পৰা মতে, প্ৰেমিক তেলী অসম মজুৰি শ্ৰমিক ইউনিয়নৰ সক্ৰিয় সদস্য। বৰ্তমানে তেলীক অসম মজুৰি শ্ৰমিক ইউনিয়ন সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে । আজি শিলচৰত সংবাদ মেল পাতি অসম মজুৰি শ্ৰমিক ইউনিয়নৰ কৰ্মকৰ্তাই  কয় যে ছোৱালীজনীৰ চিকিৎসাৰ খৰচ বহন কৰিব লাগিব।  লগতে তেলীক উচিত শাস্তিৰ দাবী জনায় ইউনিয়নে।

 

প্ৰেৰক গৌতম তালুকদাৰ

You might also like