নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত ১১ টা চোৰাং গৰুসহ বাহন জব্দঃ দুজনক আটক

নিয়মীয়া বাৰ্তা,১০ জুন : সম্প্ৰতি ৰাজ্যত চোৰাং গৰুৰ সৰবৰাহ অব্যাহত আছে ৷ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত আজি পুৱা ১১ টাকৈ চোৰাং গৰুসহ গৰু কঢ়িওৱা বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আটক কৰে দুজন লোক ৷ ঘটনাৰ বিৱৰণীত জানিবপৰামতে কুকুৰমাৰাৰ পৰা বৰটাৰীলৈ যোৱা পথটোৰে চোৰাং গৰু সৰবৰাহৰ তথ্য ছয়গাঁও আৰক্ষীয়ে লাভ কৰাৰ পিচত বিগত কেইবাদিনো ধৰি ছয়গাঁও আৰক্ষীয়ে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰাৰ বাবে গোপন অভিযান চলাই আছিল ৷

আজি পুৱা প্ৰায় ৮ বজাত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক আৰু কুকুৰমাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বলেন কলিতাই যৌথভাৱে চলোৱা এক অভিযানত এ এছ ২৫ চি চি ৮১৯৪ নম্বৰৰ বাহনখন বৰটাৰীত জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহনখনত ১১ টা গৰু কঢ়িয়াই আনিছিল ৷ লগতে বকোৰ মাহতলীৰ মোক্ৰম আলী আৰু গৰৈমাৰীৰ কান্দুলিমাৰীৰ দিলবৰ আলী নামৰ লোক দুজনকো আটক কৰে ৷ উক্ত বাহনখন দক্ষিণ কামৰূপৰ বিজয়নগৰৰ পৰা বকোৰ সোণতলীলৈ দিশে গৈ আছিল ৷ উক্ত বাহনখনে কুকুৰমাৰা হৈ বৰটাৰীৰে মথাউৰিত উঠি মথাউৰিৰে সোণতলীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷

উল্লেখ্য যে পূৰ্বে ছয়গাঁৱৰ গুমি পথেৰে চোৰাং গৰুৰ চালান হৈ আছিল ৷ কিন্ত উক্ত পথটোত আৰক্ষীৰ চোকা পহৰা থকাৰ বাবে চোৰাং গৰু বেপাৰী সকলে পথ সলাই নতুনকৈ কুকুৰমাৰা বৰটাৰী পথটো বাছি লৈছে ৷ ছয়গাঁও আৰক্ষীয়ে এই গোপন খবৰ লাভ কৰি অভিযান চলাই চোৰাং গৰু সহ গৰু কঢ়িওৱা বাহনৰ লগতে দুজন লোক আটক কৰিবলৈ সক্ষম হয় । অনাগত দিনটো চোৰাং গৰুৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান অব্যাহত থাকিব ।

You might also like