নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত একাংশ ক’ভিড যোদ্ধাক সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

নিয়মীয়া বাৰ্তা ১০ জুনঃ   জোনাইত আজি ক’ভিডৰ বিৰুদ্ধে যুঁজ দি থকা একাংশ স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা জনালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে ৷ আজিৰ সম্বৰ্ধনাৰ প্ৰথম কাৰ্যসূচী হিচাপে জোনাই খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানৰ দ্বাৰা বৃক্ষ ৰূপণ ইয়াৰ পাছতে জোনাই খণ্ড প্ৰৰ্থমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত ক’ভিড যোদ্ধাক সন্মান জনাই আজি গামোচা , এজোপা গছ আৰু একোখনকৈ মানপ্ৰত্ৰৰে সম্বৰ্ধনা জনায়৷ উল্লেখযোগ্য যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জোনাই মহকুমাত ইতিমধ্যে বহু সেৱামূলক কাম আৰম্ভ কৰা হৈছে ।
অতিমাৰী ক’ৰনাৰ এই জটিল সন্ধিক্ষণত পদ পথৰ ব্যৱসায়ী , দিন হাজিৰা কৰা লোক আৰু ক’ভিড আক্ৰান্ত হৈ হোম কোৱাৰিন্টাইন হৈ থকা  জোনাই অঞ্চলৰ পৰিয়াল সকলক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে অত্যাৱশ্যকীয় সামগ্ৰী ঘৰত যোগান ধৰাৰ ব্যৱস্থা কৰিছে। আজিৰ সম্বৰ্ধনা অনুষ্ঠানত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, কাৰ্যনিৰ্বাহক নীল গগৈ , জিলা সমিতিৰ সাংগঠনিক সম্পাদক ধিৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা সম্পাদক সত্য হাজৰিকা লগতে সংগঠনটোৰ সমূহ কৰ্ম কৰ্তা উপস্থিত থাকে৷

You might also like