জনজাতীয় পোচাকক বিকৃতকৰণেৰে কৃষ্টিক অপমান নকৰিবলৈ আহ্বান; অন্যথা আইনী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুত চিংফৌ সংগঠন
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ চিংফৌ তথা অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত পোচাকক আধুনিক ৰূপ দি বিকৃতকৰণেৰে জাতীয় কৃষ্টিক অপমানিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিছে সদৌ চিংফৌ ছাত্ৰ সন্থা আৰু চিংফৌ জাতীয় পৰিষদে।
