নগৰবেৰাত বাইক চোৰৰ তাণ্ডৱ, চোৰৰ গতি-বিধি বন্দী চিচি কেমেৰাত
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : কামৰূপৰ নগৰবেৰা থানাৰ নাতিদূৰৈত থকা নগৰবেৰা বজাৰৰ মাজভাগত অৱস্থিত বিক্ৰম চাৰাভাই চায়েন্স একাডেমি হোষ্টেল কৰিড’ৰৰ পৰা ১২৫ পালচাৰ বাইক এখন লৈ উধাও হয় অচিনাক্ত চোৰে। চোৰজন চিনাক্ত হোৱা নাই যদিও বাইক চুৰি কৰা সমস্ত কাণ্ড বন্দী হয় হোষ্টেলৰ চিচি কেমেৰাত। এএছ-২৫-ভি-৭২৮১ নম্বৰৰ পালচাৰ বাইকখন আছিল হোষ্টেলৰ ৱাৰ্ডেন চুৰুত জামালৰ ,বাইকখনৰ ক’লা আৰু ঈষৎ ৰঙা ৰঙৰ। মঙলবাৰৰ পুৱতি নিশা পিন্ধি থকা জাম্পাৰ’ৰ টুপীৰে মূৰটো আৱৰি ৰখা বাবে কেমেৰাত বন্দী হোৱা চোৰজনক কোনেও এইমুহুৰ্ত্তলৈ চিনিব পৰা নাই। বিক্ৰম চাৰাভাই চায়েন্স একাডেমিৰ পৰিচালন সঞ্চালক ড° আব্দুল জলিল আৰু চুৰি হোৱা বাইকখনৰ গৰাকী চুৰুত জামালে ইতিমধ্যে নগৰবেৰা থানাত বাইকখন চুৰি হোৱা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। আৰক্ষীক বাইক চোৰৰ সন্ধান উলিয়াবলৈ দাবী বাইকৰ গৰাকীৰ লগতে স্থানীয় ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস