দদৰাত আন্তঃৰাষ্ট্রীয় নাৰী দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: দদৰাত হাডগিলা আর্মীৰ উদ্যোগত আন্তঃৰাষ্ট্রীয় নাৰী দিৱস উদযাপন কৰা হয়৷ অনুষ্ঠানত দদৰা, শিঙিমাৰী আৰু পছৰীয়া অঞ্চলৰ ডেৰ শতাধিক মহিলা উপস্থিত থাকে৷ অনুষ্ঠানত হাডগিলা আর্মীৰ তৰফৰ পৰা চাৰি কুৰি মহিলাক নাৰী দিৱস উপলক্ষে সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট পৰিৱেশকর্মী তথা গ্রীন অ’স্কাৰ বিজয়ী পূর্ণিমা দেৱী বর্মনে কয় যে জৈৱ–বৈচিত্র্য সংৰক্ষণত মহিলাসকলৰ ভূমিকা অপৰিসীম৷
অনুষ্ঠানত আমেৰিকা, গোৱা আদিৰ পৰা পৰিৱেশ সংৰক্ষণ বিষয়ক অধ্যয়নৰ বাবে অসমলৈ অহা কেইগৰাকীমান প্রতিনিধিয়েও ভাগ লয়৷ সভাত উপস্থিত থকা মহিলাসকলে অঞ্চলটোত হাডগিলা সংৰক্ষণৰ কামত আত্মনিয়োগ কৰাৰ সংকল্প লয়৷