স্বাধীনতা সংগ্ৰামী সত্যলতা গগৈৰ ১০৩ বছৰত দেহাৱসান
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : আজি পুৱা প্ৰায় ৭ বজাত তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈনিক মুক্তিযুদ্ধা সত্যলতা গগৈ আইতা ফিল’বাৰী গৌৰীপুৰ গাঁওস্থিত নিজা বাসভৱনত ১০৩ বছৰ বয়সত স্বৰ্গগামী হয়। ১৯২১ চনৰ ২৮ মে’ত শিৱসাগৰ বেতবাৰী দ’ গাৱঁত জন্ম লাভ কৰা সত্যলতা গগৈয়ে তেওঁৰ জ্যেষ্ঠ ভাতৃ কুমুদ চেতিয়াৰ সৈতে তেৰ বছৰ বয়সতেই স্বাধীনতা সংগ্ৰামী বিপ্লৱী বীৰ শংকৰ বৰুৱা, উমাকান্ত ৰাজকোঁৱৰ আদি স্বাধীনতা সংগ্ৰামীৰ সান্নিধ্যলৈ আহি ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰে। এই ক্ষেত্ৰত সত্যলতা গগৈ আইতাৰ পিতৃ চেনিৰাম চেতিয়াৰ উৎসাহ আছিল অপৰিসীম। উল্লেখযোগ্য যে আইতা সত্যলতা গগৈৰ স্বামী প্ৰয়াত নবীন চন্দ্ৰ গগৈয়ো ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সৈনিক আছিল। আজীৱন নিজে সূতা কাটি, কাপোৰ বৈ বস্ত্ৰ পৰিধান কৰা সত্যলতা গগৈয়ে নিজ মৃত্যুৰ সময়ত ব্যৱহাৰৰ বাবেও সাঁচি ৰাখিছে নিজে বোৱা খদ্দৰ বস্ত্ৰ।
প্ৰেৰক কংকণজ্যোতি গোস্বামী