নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুলগুৰিত ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু ‘সেৱা, সুশাসন তথা দৰিদ্ৰ কল্যাণৰ ৮ বছৰ’ সন্দৰ্ভত আলোকচিত্ৰ প্ৰদৰ্শনী

গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনে স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলৰ বলিদানৰ বিষয়ে আলোকপাত কৰে

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনৰ আঞ্চলিক কাৰ্যালয় (চিবিচি)ৰ দ্বাৰা নগাঁৱৰ ফুলগুৰিৰ ৰাইজমেল ভৱনত দুদিনীয়াকৈ আলোকচিত্ৰ প্ৰদৰ্শনী তথা প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰদৰ্শনীখনৰ বিষয়বস্তু হৈছে ‘আজাদী কামৃত মহোৎসৱ’ আৰু ‘সেৱা, সুশাসন তথা দৰিদ্ৰ কল্যাণৰ ৮ বছৰ’।

প্ৰদৰ্শনীখন উদ্বোধন কৰি চক্ৰ বিষয়া তথা ৰহাৰ কাৰ্যবাহী দণ্ডাধীশ ড০ সোণাশ্ৰী ব্ৰহ্মই কয় যে দেশত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু তেওঁলোকৰ অৱদানৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে। ফুলগুৰি ধেৱাৰ বিষয়ে আলোকপাত কৰি ড০ ব্ৰহ্মই কয় যে ভাৰতীয় স্বাধীনতা সংগ্ৰাম আন্দোলনৰ ইতিহাসত এই ঠাইখনৰ যথেষ্ট গুৰুত্ব আছে। তেওঁ ১৮৬১ চনৰ অক্টোবৰত ফুলগুৰি অঞ্চলত কৃষক বিদ্ৰোহৰ কথা সোঁৱৰণ কৰে।

ৰহাৰ খণ্ড উন্নয়ন বিষয়া পলাশ বৰাই এই উপলক্ষে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ কথা স্মৰণ কৰে। তেওঁ ফুলগুৰিৰ জনসাধাৰণক স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শ মনত ৰাখিবলৈ আৰু অনুসৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ ফুলগুৰিৰ লোকসকলক ঠাইখনৰ ইতিহাস মনত ৰাখিবলৈ আৰু ঠাইখনৰ ঐতিহ্য সংৰক্ষণত সহায় কৰিবলৈ আহ্বান জনায়।

গুৱাহাটীৰ চিবিচিৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া বৰ্ণালী মহন্তই তেওঁৰ আদৰণি ভাষণত কাৰ্যসূচীটোৰ লক্ষ্য আৰু তাৎপৰ্যৰ বিষয়ে বৰ্ণনা কৰে।গুৱাহাটীৰ চিবিচিৰ ক্ষেত্ৰ প্ৰদৰ্শনী বিষয়া হীৰামণি দাস, ফুলগুৰি গাঁও পঞ্চায়তৰ সভাপতি কামিনী দাস, আঞ্চলিক পঞ্চায়তৰ কাউঞ্চিলাৰ প্ৰণৱ বৰকাকতি, ফুলাগুৰি ধেৱা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকা, ফুলগুৰি ধেৱা সমিতিৰ সম্পাদক প্ৰদীপ ডেকাও অনুষ্ঠানটোত উপস্থিত আছিল।

দুদিনীয়াকৈ অনুষ্ঠিত প্ৰদৰ্শনীখনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বহুতো অখ্যাত নায়কৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত বিভিন্ন আলোকচিত্ৰ পেনেল প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শনীখনত বিগত ৮ বছৰত চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু আঁচনিও প্ৰদৰ্শন কৰা হৈছে। আজিৰ কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰকলা আৰু কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

প্ৰদৰ্শনীখনত আত্মসহায়ক গোটৰ দ্বাৰা হস্তশিল্পৰ বিভিন্ন বিপণীও স্থাপন কৰা হৈছিল। গুৱাহাটীৰ চিবিচিৰ অধীনত ব্যক্তিগত পঞ্জীভুক্ত দল তথা স্থানীয় শিল্পীসকলে আজাদী কা অমৃত মহোৎসৱৰ বিষয়বস্তুৰ ওপৰত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে।

You might also like