নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ (এপিপিএছচি) সহকাৰী অভিযন্তা (চিভিল) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত জড়িত থকা আৰু এজনক ইটানগৰ কেপিটেল পুলিচে গ্ৰেপ্তাৰ কৰিছে ।  এপিপিএছচিৰ উপসচিব তথা পৰীক্ষা উপনিয়ন্ত্ৰক তাকেট জেৰাঙৰ স্বীকাৰোক্তিৰ ভিত্তিত দিলীপ সাহা নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে ৷ অৰুণাচল প্ৰদেশৰ কেপিটেল পুলিচে পশ্চিমবংগৰ পৰা দিলীপ সাহাক গ্ৰেপ্তাৰ কৰে । দিলীপ সাহা ইটানগৰৰ এটা কুৰিয়াৰ চাৰ্ভিচত কৰ্মৰত আছিল ৷ ইটানগৰ কেপিটেল পুলিচৰ অধীক্ষক জিমী চিৰামে জনোৱা মতে প্ৰশ্নকাকতৰ পেকেটটো ছপা কৰাৰ পূৰ্বে দিলীপ সাহাই কঢ়িয়াই লৈ ফুৰিছিল ৷ মঙলবাৰে ইটানগৰ কেপিটেল পুলিচে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগ (এপিপিএছচি)ৰ সহকাৰী অভিযন্তা (চিভিল) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা গোচৰৰ সৈতে জড়িত ৫ জনক গ্ৰেপ্তাৰ কৰিছিল ৷ এই গোচৰত এপিপিএছচিৰ উপসচিব তথা পৰীক্ষা উপনিয়ন্ত্ৰক তাকেট জেৰাং , সহকাৰী অভিযন্তা পৰীক্ষাৰ প্ৰাৰ্থী থমাছ গাডুক ,  ’জেজু শৈক্ষিক প্ৰতিষ্ঠান’ৰ শিক্ষক অখিলেশ যাদৱ , থমাছ গাডুকৰ পিতৃ তথা মুখ্য সহায়ক তানয়াং গাডুক আৰু ‘জিপিএছ তাৰক পাংগিন শৈক্ষিক প্ৰতিষ্ঠান’ৰ শিক্ষক তামা চাৰোহক ইটানগৰ কেপিটেল পুলিচে কালি গ্ৰেপ্তাৰ কৰিছিল ৷
প্ৰশ্নকাকত ফাদিল গোচৰত ছয়জনক গ্ৰেপ্তাৰ কৰাৰ পিছত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে ইতিমধ্যে ৩৩ টা সহকাৰী অভিযন্তা (চিভিল) পদৰ বাবে ২৬ আৰু ২৭ আগষ্টত অনুষ্ঠিত কৰা পৰীক্ষা বাতিল কৰিছে । আনহাতে সহকাৰী অভিযন্তা (চিভিল) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ মুক্ত আৰু নিৰপেক্ষ তদন্ত চলাবলৈ সদৌ নিছি যুৱ সন্থাই ইটানগৰ কেপিটেল পুলিচৰ প্ৰতি আহ্বান জনাইছে । প্ৰশ্নকাকত কেলেংকাৰীৰ সৈতে জড়িত ছয় জনক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষী অধীক্ষক জিমি চিৰাম নেতৃত্বাধীন ইটানগৰ কেপিটেল পুলিচক শলাগ লৈ সংগঠনটোৱে অভিযুক্ত কেইজনৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ।
You might also like