নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্ট্ৰেল জে’লত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ যো–জা

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ  বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) দ্রুত সংক্রমণে শংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ ৰাজ্য প্রশাসনৰ হূৎপিণ্ডস্বৰূপ জনতাভৱনৰ পৰা ৰাজভৱনলৈ সকলোতে এতিয়া ক’ৰোনাৰ আতংক৷ শেহতীয়াকৈ ৰাজ্যত ক’ৰোনাৰ হটস্পটত পৰিণত হৈছে কাৰাগাৰসমূহ৷ কেন্দ্রীয় কাৰাগাৰৰ লগতে জিলা কাৰাগাৰৰ কয়দী আক্রান্ত হৈছে মাৰাত্মক ক’ৰোনাত৷ বিশেষকৈ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত এজনৰ পাছত আন এজন কয়দীৰ শৰীৰত ধৰা পৰিছে ক’ৰোনাৰ উপস্থিতি৷ ক’ৰোনা আক্রান্ত কয়দীক ভর্তি কৰোৱা হৈছে বিভিন্ন হাস্পতালত৷ কিন্তু এদিন পূর্বে সোণাপুৰৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা দুজন কয়দী পলায়ন কৰাৰ পাছতে উদ্বিগ্ণ হৈ পৰিছে কাৰাগাৰ কর্তৃপক্ষ৷ বিশেষকৈ হাস্পতালত চিকিৎসাধীন হৈ থকা ক’ভিড আক্রান্ত কয়দীৰ সুৰক্ষাক লৈ চিন্তিত কৰি তুলিছে ৰাজ্য চৰকাৰক৷ সেয়েহে কাৰাগাৰৰ কয়দী ক’ৰোনাত আক্রান্ত হ’লে চিকিৎসালয়ত ভর্তি কৰোৱাৰ বিপৰীতে কাৰাগাৰ চৌহদত ৰখাৰ বিকল্প ব্যৱস্থাৰ চিন্তা–চর্চা কৰা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, শীঘ্রে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ যো–জা কৰা হৈছে৷ লক্ষণ নথকা ৰোগীসকলক কাৰাগাৰৰ ভিতৰত থকা ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হ’ব৷ এই ক’ভিড কেয়াৰ চেণ্টাৰত স্বাস্থ্য বিভাগে নিয়োগ কৰিব চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মী৷ কেৱল গুৱাহাটী কেন্দ্রীয় কাৰাগাৰেই নহয়, ৰাজ্যৰ আন প্রান্তত থকা জিলা কাৰাগাৰৰ লগতে কেন্দ্রীয় কাৰাগাৰসমূহৰ ভিতৰতো অনুৰূপ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্যত বর্তমান কাৰাগাৰৰ সংখ্যা হৈছে ৩১খন৷ এই কাৰাগাৰসমূহৰ বহন ক্ষমতা হৈছে ৮,৯৩৭জন৷ ক’ৰোনাৰ সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ কাৰাগাৰসমূহৰ পৰা উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে কয়দীৰ মুক্তি প্রক্রিয়া আৰম্ভ কৰা হয়৷ কাৰাগাৰসমূহৰ ভিতৰত সামাজিক দূৰত্ব নিশ্চিত কৰাৰ বাবে গ্রহণ কৰা এই ব্যৱস্থাৰ অধীনত ব্যক্তিগত জামিনত লঘু গোচৰত অভিযুক্ত কয়দীক মুকলি কৰি দিয়া হয়৷

ৰাজ্যৰ কাৰাগাৰসমূহৰ পৰা বর্তমানলৈ মুকলি কৰি দিয়া হৈছে ১,৪৬১জন কয়দীক৷ তৎসত্ত্বেও কাৰাগাৰসমূহত বন্দী হৈ থকা কয়দীৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰে৷ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ মুঠ ২৬০জন কয়দীৰ শৰীৰত ধৰা পৰিছে ক’ৰোনাৰ সংক্রমণ৷ ইয়াৰে ১২৫জন কয়দী সুস্থ হৈ উঠিছে৷ তেওঁলোকক পুনৰ কাৰাগাৰলৈ ওভতাই অনা হৈছে৷ সম্প্রতি শিঙিমাৰীত ৬৮জন, টেপেচিয়াত ৬৭জন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৬জন বন্দী চিকিৎসাধীন হৈ আছে৷ ইয়াৰ মাজতে এদিন পূর্বে চিকিৎসাধীন অৱস্থাত সোণাপুৰৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছাইবুল আহমেদ আৰু হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছাদ্দাম নামৰ দুজন অভিযুক্ত পলায়ন কৰে৷ বর্তমানেও তেওঁলোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ কেৱল গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰে নহয়, ওদালগুৰি জিলা কাৰাগাৰ, মঙলদৈ জিলা কাৰাগাৰ, তেজপুৰ কেন্দ্রীয় কাৰাগাৰ, নগাঁও কেন্দ্রীয় কাৰাগাৰ আৰু গোলাঘাট জিলা কাৰাগাৰৰ কয়দীও আক্রান্ত হৈছে ক’ৰোনাত৷ এই ক’ৰোনা আক্রান্ত কয়দীক চিকিৎসাধীন কৰাৰ ক্ষেত্রত অনেক সমস্যাৰ সন্মুখীন হৈছে জিলা প্রশাসন৷

কিয়নো আন ৰোগীৰ সৈতে কয়দীসকলক ৰাখিব নোৱাৰে৷ হাস্পতালত তেওঁলোকক পৃথকে ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ শেহতীয়াকৈ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা হাজোতীয়ে পলায়ন কৰা ঘটনাই কাৰাগাৰ কর্তৃপক্ষক অধিক শংকিত কৰি তুলিছে৷

You might also like