নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত গণ প্রহাৰত মৃত্যু তিনি বাংলাদেশী নাগৰিকৰ

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ অন্তর্গত ভাৰত–বাংলাদেশ সীমান্তৰ বুবৰিঘাট চাহ বাগিচাত গণ প্রহাৰত মৃত্যু হয় তিনিজন গো–ধন চুৰিত জড়িত বাংলাদেশী লোকৰ৷ এমাহৰ ভিতৰত পাথাৰকান্দিত এয়া দ্বিতীয়টো ঘটনা৷ জুন মাহত অনুৰূপ ঘটনা পুতনি চাহ বাগিচাত সংঘটিত হৈছিল৷ এগৰাকী বাংলাদেশী গৰু চোৰক মৰিয়াই মৰিয়াই হত্যা কৰিছিল বাগিচাৰ ৰাইজে ৷ আজি পুৱতিনিশা একেই ঘটনা সংঘটিত হৈছে বুবৰিঘাট চাহ বাগিচাত৷ মৃত্যু হোৱা তিনিজন লোকৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীয়ে বাংলাদেশৰ মৌলবীবজাৰ জিলাৰ জুৰি উপ–জিলাৰ জামকান্দী গাঁৱৰ লোক বুলি চিনাক্ত কৰিছে৷ গণপ্রহাৰত মৃত্যু হোৱা লোককেইজনৰ পৰা উদ্ধাৰ হৈছে বাংলাদেশৰ বিস্কুট, মহ খেদা  ধূপ, কাটিং প্লায়াৰ ইত্যাদি বিভিন্ন সামগ্রী৷ উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত বাংলাদেশী গৰু চোৰৰ দৌৰাত্ম্য এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ সীমান্ত এলেকাৰ লোকে এনে দৌৰাত্ম্যত একপ্রকাৰ বিনিদ্র ৰজনী পাৰ কৰিব লগা হয়৷

সঘনাই জিলাখনৰ বাংলাদেশ সীমান্তৱর্তী বিভিন্ন এলেকাৰ পৰা স্থানীয় লোকৰ গৰু–ম’হ আদি চুৰি হয়৷ এনে ঘটনাৰ লগত বাংলাদেশী লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আজিৰ ঘটনাই বাংলাদেশী চোৰৰ হাত থকাটো স্পষ্ট কৰি তুলিছে৷  ঘটনাৰ বিৱৰণী মতে, শনিবাৰে নিশাৰ ভাগত বুবৰিঘাট চাহবাগিচাৰ ৰাজু তেলেংগা নামৰ এগৰাকী বাগিচাৰ শ্রমিকৰ গোহালিৰ পৰা সাতজনীয়া চোৰৰ দলে গৰু চুৰ কৰি নিওঁতে গৃহস্থই উমান পাই চিঞৰ–বাখৰ আৰম্ভ কৰে৷ লগে লগেবাগিচাৰ লোক ঘৰৰ পৰা ওলাই আহি হাতেলোটে তিনিজন চোৰক আটক কৰিবলৈ সক্ষম হয় যদিও ইয়াৰে চাৰিটা চোৰ পলাই যাবলৈ সক্ষম হৈছে৷ ইপিনে, মুহূর্তৰ ভিতৰতে সহস্রাধিক লোক জমা হৈ ধৃত চোৰকেইজনৰ ওপৰত আৰম্ভ কৰে গণপ্রহাৰ৷ গণপ্রহাৰত মৃত্যু হয় তিনিওজন চোৰৰ৷ আনহাতে, স্থানীয় গাঁওৰক্ষী বাহিনীয়ে বিষয়টো পাথাৰকান্দি আৰক্ষী থানাত অৱগত কৰাৰ পাছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত প্রক্রিয়া৷ কৰিমগঞ্জৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) প্রশান্ত দত্তৰ নেতৃত্বত এটা দল ঘটনাস্থলী পৰিদর্শন কৰি বুবৰিঘাট বি’পিত উপস্থিত হৈ সীমান্ত সুৰক্ষা বাহিনীৰ লগত বৈঠকত মিলিত হৈ বাংলাদেশৰ সৈতে বিষয়টো লৈ আলোচনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

সীমান্ত সুৰক্ষা বাহিনীৰ ১৩৪ বেটেলিয়নে বাংলাদেশৰ ব’ডাৰ গার্ডৰ সৈতে যোগাযোগ কৰি বিষয়টো অৱগত কৰে৷ আজি দিনৰ ১.৫০ বজাত লাঠিটিলাত দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত ফ্লেগ মিটিং অনুষ্ঠিত হয়৷ বর্তমান মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসাললৈ অনা হৈছে বুলি জানিব পৰা গৈছে৷

You might also like