নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদ দিপাঞ্জল দাসৰ সোঁৱৰণত শ্বহীদ বেদী আৰু শিশু উদ্যানৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ৫ জুলাই : “কা” আন্দোলনৰ এগৰাকী শ্বহীদ ছয়গাঁৱৰ দিপাঞ্জল দাস ৷ শ্বহীদ গৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ অৰ্থে আজি ছয়গাঁৱৰ দলৈপাৰা গাঁৱৰ দিপাঞ্জল দাসৰ সমাধিস্থলীত এখন শিশু উদ্যানৰ আধাৰশিলা স্থাপন কৰা হয় ৷

আনহাতে গাঁওখনৰ মূল পথৰ দাঁতিত নিৰ্মাণ কৰিবলগীয়া এটি শ্বহীদ বেদীৰো আধাৰশিলা স্থাপন কৰা হয় ৷ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া শিশু উদ্যান আৰু সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে শ্বহীদ দিপাঞ্জল দাসৰ পিতৃ খগেন দাস আৰু মাতৃ কবিতা দাসে ৷ আধাৰশিলা স্থাপনত বিধায়ক ৰেকিবুদ্দিন আহমেদো উপস্থিত থাকে ৷

উল্লেখ্য যে “কা” আন্দোলনৰ শ্বহীদ দিপাঞ্জল দাসৰ নামত নিৰ্মাণ হ’বলগীয়া শিশু উদ্যানৰ নামত বিধায়ক পুঁজিৰ পৰা দুই লাখ আৰু শ্বহীদ বেদী নিৰ্মাণৰ নামত ১ লাখ ৬০ হেজাৰ সহ মুঠ ৩ লাখ ৬০ হেজাৰ টকা আৱণ্টন দিয়ে ৷ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে ৰাইজ তথা আছুৱে শ্বহীদ ঘোষণা কৰাৰ পিচতো চৰকাৰে শ্বহীদ ঘোষণা নকৰাত দুখ প্ৰকাশ কৰে ৷ তেওঁ দিপাঞ্জল দাসৰ ঘৰলৈ যোৱা পথটো অতিশীঘ্ৰে নিৰ্মাণৰ বাবে সকলো যাবতীয় কাম সম্পূৰ্ণ কৰা বুলি প্ৰকাশ কৰে ৷ গাঁও খনৰ লগত সংলগ্ন আটাইকেইটা পথেই নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিয়ে ৷ দিপাঞ্জল দাসক সকলোৰে মাজত জীয়াই ৰখাৰ বাবেই তেওঁ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা বুলি জানিবলৈ দিয়ে ৷ আনহাতে আজি কিছুদিন ধৰি ছয়গাঁৱৰ বিধায়ক গৰাকীয়ে বিজেপিলৈ যাব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে একেষাৰে নস্যাৎ কৰে ৷ এয়া একাংশ ছচিয়েল দুষ্কৃতিকাৰীয়ে অপপ্ৰচাৰ চলোৱা বুলিও তেওঁ প্ৰকাশ কৰে ৷

আনহাতে ছয়গাঁও সমষ্টিৰ দুগৰাকী ব্লক কংগ্ৰেছৰ সভাপতিয়ে বিধায়ক গৰাকীৰ বিৰুদ্ধে ছোনীয়া গান্ধীৰ ওচৰত অভিযোগ দিয়া বুলি এটি সংবাদ মাধ্যমত যি বাতৰি প্ৰকাশ কৰা হৈছে সেয়াও সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি কয় ৷ দুয়োগৰাকী ব্লক সভাপতিক কাষত লৈ তেওঁ এয়া কোনোবা চকু চৰহা তথা বিৰোধী ৰাজনৈতিক নেতাই সম্পূৰ্ণ চহী জালিয়তীৰে এই কাম কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে ৷ সেই সকল ৰাজনৈতিক নেতাক সময়ত প্ৰত্তুত্যৰ দিব বুলিও তেওঁ মন্তব্য কৰে ৷ ইফালে চৰকাৰীভাৱে আমিনগাঁৱত আয়োজন কৰা বন মহোৎসৱৰ কাৰ্যসূচীত উপস্থিত থকাক লৈ একাংশ সংবাদ মাধ্যমে সমালোচনা কৰি বাতৰি প্ৰকাশ কৰা কাৰ্যকো তেওঁ তীব্ৰ সমালোচনা কৰে ৷ চৰকাৰী কাৰ্যসূচীৰ সময়ত স্বাস্থ্য মন্ত্ৰী গৰাকীৰ লগত উঠা ফটো ভাইৰেল হোৱা সম্পৰ্কত তেওঁ কয় যে চৰকাৰী কাৰ্যসূচীত এগৰাকী মন্ত্ৰীৰ লগত বিৰোধী বিধায়কে ফটো উঠাটো কিবা পাপ নেকি বুলিও তেওঁ ওলোটাই প্ৰশ্ন কৰে ৷

You might also like