লকডাউনত দক্ষিণ কামৰূপৰ যাত্ৰাপাৰ্টীৰ প্ৰযোজক-কলাকুশলীৰ হাহাকাৰ; পোৱা নাই চৰকাৰী সাহায্য
নিয়মীয়া বাৰ্তা, ৯ জুলাই : চীনৰ য়ুহান চহৰত প্ৰাদুৰ্ভাব ঘটা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৱা মাৰ্চ মাহতে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰত লকডাউন দিছিল । এই লকডাউনৰ ফলত দেশৰ অৰ্থনীতি ভাঙি পৰাৰ লগতে অতি গৰীৱ শ্ৰেণীৰ লোক সকলৰ হাহাকাৰৰ সৃষ্টি হৈছে ৷
এই লকডাউনৰ ফলত অসমৰ নাট্য জগতৰ লগত জড়িত লোক সকলোৰো এতিয়া পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে অসমৰ আন এটি লোককৃষ্টি ভ্ৰাম্যমাণ যাত্ৰাপাৰ্টি সমূহৰো অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে ৷ লকডাউনৰ বাবে দুমাহ আগতে যাত্ৰাদল সমূহে নাট সামৰিব লগীয়া হোৱাত যাত্ৰাদলৰ প্ৰয়োজকৰ লগতে শিল্পী সকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ৷
উল্লেখ্য যে বিশেষকৈ নামনি অসমত অতি জনপ্ৰিয় যাত্ৰাপাৰ্টি সমূহ বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভ কৰি ব’হাগ মাহত হোৱা সুঁৱৰি উৎসৱ সমূহত নাট প্ৰদৰ্শন কৰি ৩১ ব’হাগত নাট সামৰে ৷ কিন্ত মহামাৰী কৰোনাৰ বাবে দুমাহ আগতে নাট সামৰিবলগীয়া হোৱাত যাত্ৰাদল সমূহৰ প্ৰযোজকৰ লগতে শিল্পী সকলৰ যথেষ্ট লোকচান হয় ৷ কিন্তু পৰিতাপৰ কথা এয়ে যে যাত্ৰাপাৰ্টিৰ শিল্পী সকলক এই মূহুৰ্তলৈকে চৰকাৰীভাৱে কোনোধৰণৰ সাহায্য প্ৰদান কৰা হোৱা নাই ৷ যাত্ৰাপাৰ্টি সমূহৰ প্ৰায়বোৰ প্ৰযোজকৰ লগতে শিল্পী সকলো একেবাৰে দুখীয়া ৷
প্ৰায় সংখ্যক যাত্ৰাৰ শিল্পীয়ে যাত্ৰাপাৰ্টিত পোৱা টকা কেইটাৰে কোনোমতে পৰিয়াল পোহ পাল দি আহিছে যদিও এইবাৰ দুমাহ আগতে যাত্ৰাপাৰ্টিৰ নাটক সামৰিবলগীয়া হোৱাত শিল্পী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে নামনি অসমত প্ৰায় ৬০ টা যাত্ৰাদল আছে ৷ ইয়াৰে কেৱল দক্ষিণ কামৰূপতে আছে প্ৰায় ১৫ টা যাত্ৰাদল ৷ দক্ষিণ কামৰূপৰ যাত্ৰাদলৰ এক সুকীয়া নাম আছে ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃস্বৰূপ যাত্ৰাপাৰ্টিক আজিও চৰকাৰী ঘৰে ভালদৰে লোৱা নাই ৷ ইয়াৰ বিপৰীতে ৰাইজে ভালদৰে আদৰি লৈছে ৷ বিশ্বকৰ্মা পূজা, দুৰ্গাপূজা, দেৱালী, ৰাসপূজা, জগদ্বাত্ৰী পূজা, মাঘী উৎসৱ, শিৱপূজা,দৌল উৎসৱ, সুঁৱৰি উৎসৱৰ লগতে গাঁৱে গাঁৱে হোৱা হোম যজ্ঞৰ লগত যাত্ৰাপাৰ্টিৰ আছে ওতপ্ৰোত সম্পৰ্ক ৷ উক্ত ধৰ্মীয় অনুষ্ঠান বোৰত যাত্ৰাপাৰ্টি নহ’লে একেবাৰে নচলে ৷ কিন্ত ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত তথা এটি যাত্ৰাদলত ২৫ ৰ পৰা ৩০ জন শিল্পী জড়িত থকা যাত্ৰাপাৰ্টিৰ প্ৰতি চৰকাৰৰ নাই কোনো দায়বদ্ধতা ৷ যেন যাত্ৰাপাৰ্টিৰ বাবে চৰকাৰৰ কৰণীয় একোৱেই নাই ৷ জানিব পৰামতে ২০১১ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ছয়গাঁৱত চাৰিদনীয়া কাৰ্যসূচীৰে যাত্ৰা সমাৰোহ অনুষ্ঠিত কৰিছিল ৷ সুদীৰ্ঘ ৯ বছৰৰ পিছত অৰ্থাৎ এইবছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষত পলাশবাৰীত তিনিদিনীয়াকৈ যাত্ৰা সমাৰোহ অনুষ্ঠিত কৰা হৈছিল ৷ কিন্ত নামমাত্ৰ যাত্ৰা সমাৰোহ অনুষ্ঠিত কৰিয়েই যেন অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব শেষ ৷ আনহাতে ২০১২ চনত কলকাতাত অনুষ্ঠিত হোৱা লোকাভিনয় অনুষ্ঠানত ছয়গাঁৱৰ বিপুল দাস নামৰ লোক জনৰ পৰিচালিত বিষ্ণু জ্যোতি নাট্য গোষ্ঠী নামৰ যাত্ৰা দলটোৱে নাট প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়ান আনিবলৈ সক্ষম হৈছিল ৷ কিন্ত কথা হ’ল এতিয়াও যাত্ৰাপাৰ্টিৰ প্ৰতি চৰকাৰৰ নাই যেন একো কৰণীয় ৷ অথচ এই যাত্ৰাদল সমূহেও বহু লোকক সংস্থাপন দি আহিছে ৷ বৰ্তমান নামনি অসমৰ প্ৰায় ৬০ টা যাত্ৰাদলৰ লগত প্ৰায় দুহেজাৰ পৰিয়ালৰ জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে ৷ কিন্ত যাত্ৰাপাৰ্টিৰ লগত জড়িত এইসকল পৰিয়ালৰ কথা ভাবিবলৈ যেন চৰকাৰৰ আহৰি নাই ৷
ক’ৰোনা মহামাৰীৰ বাবে এই বৰ্যত নাটক কৰিব পৰা যায়নে নাযায় সেয়াও এতিয়া অনিশ্চয়তাত ৷ যদি এই বৰ্ষত যাত্ৰাপাৰ্টি কৰিব পৰা নাযায় তেনেহ’লে যাত্ৰাদল সমূহত জড়িত নামনি অসমৰ প্ৰায় দুহেজাৰ পৰিয়ালৰ অৱস্থা কি হ’ব সেই লৈ এতিয়া তীব্ৰ শংকাত ভুগি আছে যাত্ৰাপাৰ্টিৰ লগত জড়িত শিল্পী কলা কুশলী সকলে ৷ যাত্ৰাপাৰ্টীৰ লগত জড়িত কলা-কুশলী তথা প্ৰযোজকক চৰকাৰে কিবা সহায় কৰিব নে সেয়া সময়তহে হ’ব লক্ষণীয় ।