নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীত মুখ্যমন্ত্রী : কয়াকুছিত পৰিদর্শন বঙলা উদ্বোধন-সৰ্থেবাৰীত জগন্নাথ মন্দিৰৰ মণিকূট বাটচৰাৰ আধাৰশিলা স্থাপন

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়াকুছিস্থিত লোক নির্মাণ বিভাগৰ নৱ নির্মিত পৰিদর্শন বঙলাটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ ৰাজ্যিক স্ব–গ্রাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ২ কোটি টকা ব্যয় সাপেক্ষে এই পৰিদর্শন বঙলাটি নির্মাণ কৰা হৈছে৷ ভূমি মহলাকে ধৰি তিনি মহলীয়া এই গৃহটিত মুঠ ১১টা কোঠালি আছে আৰু ইয়াৰে ৬টা শীত–তাপ নিয়ন্ত্রিত৷ তদুপৰি ভি আই পিৰ ভ্রমণৰ বাবে ইয়াত এটা ছুইট আছে৷ পৰিদর্শন বঙলাটোৰ সভাকক্ষত লোক নির্মাণ গ্রাম্য পথ আৰু বিভিন্ন সংগঠনৰ প্রতিনিধিসকলৰ উপস্থিতিত হোৱা সভাত সৰুক্ষেত্রী সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ লগতে জনসাধাৰণৰ সমস্যাৰাজিৰো বুজ লয় মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রীয়ে উন্নয়নমূলক কাম–কাজসমূহ সময় নির্ধাৰিতভাৱে সম্পূর্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে৷ নাগৰিকসকলে দিয়া অভিযোগৰ মীমাংসা কৰিবলৈ তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে জনসাধাৰণৰ দাবী পূৰণৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবেোৱাৰো আশ্বাস প্রদান কৰে৷ মুখ্যমন্ত্রীয়ে কয়াকুছি এলেকাৰ সামগ্রিক উন্নয়নৰ বাবে সৰুক্ষেত্রী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে লোৱা প্রচেষ্টাৰো শলাগ লয়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে সর্থেবাৰী পাঁচখেল গঞাগয়ৰহৰ ধর্মীয় বিশ্বাস আৰু সেৱাৰ অনুষ্ঠান শ্রীশ্রীজগন্নাথ মন্দিৰৰ সন্মুখৰ পুৰণি মণিকূটৰ লগতে বাটচৰাৰ নতুনকৈ নির্মাণকার্যৰো আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্রীয়ে এই কামৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকা আগববাব বুলিও ঘোষণা কৰে৷ কাঁহ–পিতল নগৰী আৰু ইয়াৰ বাসিন্দাসকলৰ সামগ্রিক উন্নয়নৰ বাবে কেতবোৰ প্রকল্প আৰু আঁচনিৰ কথাও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ সর্থেবাৰী অসামৰিক চিকিৎসালয়খনত আধুনিক চিকিৎসাৰ যন্ত্রপাতি আৰু পর্যাপ্ত স্বাস্থ্যসেৱা কর্মচাৰী নিয়োগেৰে এখন অত্যাধুনিক চিকিৎসালয়লৈ উন্নীত কৰাৰ দিশত চৰকাৰৰ পৰা তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণৰো আশ্বাস প্রদান কৰে৷ তেওঁ লগতে ঘোষণা কৰে যে বিভিন্ন কাঁহ–পিতল উদ্যোগৰ উদ্যোগীয়ে লাভ কৰা মুঠ ৫ কোটি টকাৰ ঋণ আৰু ক্রেডিটক অনুদান হিচাপে গণ্য কৰা হব আৰু এই ধন বা সূদ ঘুৰাই দিব নালাগিব৷ ইয়ে কাঁহ–পিতলৰ শিল্পক আগুৱাই নিয়াৰ দিশত সহায়ক হৈ উঠিব বুলিও তেওঁ কয়৷ সর্থেবাৰীক পাঠশালাৰ সৈতে সংযোগী ড০ জিনাৰাম দাস পথৰ বর্তমানে চলি থকা উন্নীতকৰণৰ কাম শীঘ্রে সম্পূর্ণ কৰা হব বুলি তেওঁ কয়৷ সর্থেবাৰীৰ জনসাধাৰণৰ পৰিচয় আৰু সংসৃক্তি ৰক্ষাৰ ক্ষেত্রত চৰকাৰে যথোচিত গুৰুত্ব প্রদান কৰি কার্যব্যৱস্থা গ্রহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে আজি কৃষ্ণগুৰু সেৱাশ্রমো পৰিদর্শন কৰি ৰাজ্যৰ জনসাধাৰণৰ কুশল–মংগল কামনাৰে সেৱা আগবঢ়ায়৷ তেওঁ এই আধ্যাত্মিক স্থানৰ বাসিন্দা আৰু ইয়াৰ সদস্যসকলৰ সৈতেও মত–বিনিময় কৰে৷ মুখ্যমন্ত্রীৰ ভ্রমণকালত ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সৰুক্ষেত্রীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like