নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমা বিবাদক লৈ ডিব্ৰুগড়ত বৈঠক : দুই মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই এয়া সম্ভৱ হৈছে : মন্ত্ৰী অতুল বৰা

বিশেষ বাৰ্তা ২৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ আন্তৰিকতা আৰু সদিচ্ছাৰ বাবেই দুই ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমস্যা সমাধান সম্ভৱ হৈছে বুলি ৰাজ্যৰ মন্ত্ৰী অতুল বৰাই আজি ডিব্ৰুগড়ত সদৰী কৰে। নামচাই ঘোষণা পত্ৰৰ পাছৰ পৰিক্ৰমা ফলপ্ৰসূ কৰিবৰ বাবেই চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু অসমৰ দীৰ্ঘদিনীয়া সীমা বিবাদক কেন্দ্ৰ কৰি বছৰ বছৰ ধৰি দুয়োখন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হৈ অহাৰ সময়তে ডিব্ৰুগড়ৰ মোহনবাৰীৰ অৰুণাচল ভৱনত আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেন আৰু অসম-অৰুণাচল সীমা বিবাদ,সুৰক্ষা আৰু উন্নয়নৰ অসমৰ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত আঞ্চলিক সমিতিৰ অসম-অৰুণাচল সীমান্তৰ বিবাদমান সীমা সমস্যাক লৈ ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত অৰুণাচল ভৱনত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত দুয়োখন ৰাজ্যৰ তিনিচুকীয়া,নামচাই,নামনি দিবাং ভেলী আৰু লোহিত জিলাৰ বিবাদমান অঞ্চলৰ বিষয়ে আলোচনা কৰা হয়।অসমৰ তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ নামচাই আৰু লোহিত জিলাৰ সীমামুৰীয়া অঞ্চলত দীৰ্ঘদীনিয়া সীমাবিবাদৰ সমস্যাৰ শ্ৰীঘে সমাধানৰ দিশত আগবাঢ়িছে আৰু দুয়োখন ৰাজ্যই অহা ১৫ অক্টোবৰৰ ভিতৰত নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওচৰত সমগ্ৰ বিষয়ৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ কথা।উল্লেখ্য যে যোৱা ১৫ জুলাইত অৰুণাচল প্ৰদেশৰ নামচাইত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্ডুৰ মাজত স্বাক্ষৰিত ঐতিহাসিক নামচাই ঘোষণাপত্ৰৰ পাছত ২২ আগষ্টত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা নামচাইত মিলিত হৈ দুয়োখন ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কীয় আলোচনাত মিলিত হৈছিল।ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অসমৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম অৰুণাচল সীমান্তৰ নামচাই জিলাৰ বিবদমান অঞ্চলসমূহ ভ্ৰমণ কৰিছিল।আজি দুয়োখন ৰাজ্যৰ মাজত গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদ মেলত উপ মুখ্যমন্ত্ৰী চৌনা মেইনে কয় যে,ইতিপূৰ্বে গঠিত আঞ্চলিক সমিতিখনে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট আঞ্চলিক সমিতিখনৰ প্ৰতিনিধিৰ সৈতে যুটীয়াভাৱে আজি অনুষ্ঠিত হোৱা বৈঠকত এক সৌহাদ্যপূৰ্ণ ভাৱে সম্পন্ন হয়।ইতিমধ্যে নামচাই জিলাৰ অসম-অৰুণাচল সীমান্তৰ বিবদমান অঞ্চলসমূহ সমিতিয়ে পৰিদৰ্শন কৰাৰ পাছত স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে এই পৰিদৰ্শনৰ ভিত্তিত আঞ্চলিক সমিতিখনে সীমা সমস্যা সমাধান পথ প্ৰশস্ত হোৱা বুলিও উল্লেখ কৰে।প্ৰসংগক্ৰমে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনে অসমৰ তিনিচুকীয়া জিলাৰ সীমাত থকা অৰুণাচলৰ লোহিত আৰু নামচাই জিলাত সীমাক লৈ কোনো সংঘাত নাই বুলি স্পষ্টকৈ মন্তব্য কৰে।অসম অৰুণাচলৰ বহু বছৰ পুৰণি সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্দেশত চুবুৰীয়া ৰাজ্য দুখনৰ সৈতে থকা সীমা বিবাদ অতি সোনকালেই নিস্পত্তি কৰিব পৰা যাব বুলিও মন্তব্য কৰে।আনহাতেদি অসমৰ মন্ত্ৰী অতুল বৰাই সাংবাদিকক কয় যে অসম-অৰুণাচল সীমান্তৰ এই বিবাদমান জিলাকেইখনৰ সমস্যা সমাধান সূত্ৰ ওলাইছে আৰু অতি সোনকালেই আমি ইয়াক সুস্থিৰ কৰিব পাৰিম বুলিও আশা প্ৰকাশ কৰে।অহা ১৫ অক্টোবৰৰ ভিতৰতে দুয়োখন ৰাজ্যই প্ৰতিবেদন দাখিল কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ সদিচ্ছা আৰু আন্তৰিকতাৰ বাবেই এনে সম্ভৱ হৈছে বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে।প্ৰণিধানযোগ্য যোগ্য যে অৰুণাচলৰ সৈতে অসমৰ ৮০৪ কি:মি: সীমা সংযুক্ত হৈ আছে।ইয়াৰে উজনিৰ ৮ খন জিলাৰ লগতে অসমৰ অনান্য ১২ খন জিলাকে ধৰি মুঠ ২০ খন জিলাৰ সীমা অৰুণাচলৰ সৈতে সংযুক্ত হৈ আছে।পূৰ্বৰ অৰুণাচল কেন্দ্ৰীয় শাসিত ৰাজ্য ‘নেফা'(নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেঞ্চি) হিচাপে(১৯৭২)পৰিচিত আছিল আৰু তেতিয়াৰে পৰা অৰুণাচলৰ সৈতে সীমা বিবাদ চলি আহিছে।অৰুণাচল পূৰ্ণাংগ ৰাজ্য হিচাপে ১৯৮৭ স্বীকৃতি পায় যদিও অসম-অৰুণাচলৰ সীমা বিবাদ চলি আহিছে। আজিৰ এই বৈঠকত অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লিবাং, ডাম্বুকৰ বিধায়ক গোম টায়েং, তেজু চুণপূৰাৰ বিধায়ক কাৰিক’ কাৰি, নামচাইৰ বিধায়িকা জিনগো নামছুম, লিকাঙৰ বিধায়ক জমুঙ এতে দেউৰী, ৰয়িংৰ বিধায়ক মুটচু মিথি,অৰুণাচলৰ কেইবাখনো জিলাৰ উপায়ুক্ত আদিৰ বিপৰীতে অসমৰ শদিয়াৰ বিধায়ক বলীন চেতিয়া, সাংসদ প্ৰদান বৰুৱা, তিনিচুকীয়া জিলা উপায়ুক্ত নাৰচিং পাৱাৰ ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু আদি উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like